কোকৰাঝাৰঃ বড়োলেণ্ড ডাঞ্চিং ষ্টাৰ ছিজন- ২ প্ৰতিযোগিতাখনৰ অডিশ্যনক লৈ আয়োজক সমিতিয়ে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে৷ আজি কোকৰাঝাৰ প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলত প্ৰতিযোগিতাখনৰ আয়োজক সমিতিৰ সভাপতি দিলীপ ব্ৰহ্মই সদৰী কৰা মতে বিটিএডি অঞ্চলৰ উপৰিও ৰাজ্যখনৰ আন কেইবাখনো জিলাক সাঙুৰি লৈ অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনৰ অডিশ্যন অহা ৩০ জুনৰ পৰা আৰম্ভ হ’ব৷
প্ৰতিযোগিতাখনৰ প্ৰথম অডিশ্যন ৩০ জুনত শোণিতপুৰত অনুষ্ঠিত হ’ব৷ ইয়াৰ পিছতে পৰ্যায়ক্ৰমে ১ জুলাইত ওদালগুৰি, ২ জুলাইত টংলা, ৫ জুলাইত বৰমা, ৮ জুলাইত বিজনী, ৯ জুলাইত বঙাইগাওঁ, ১০ জুলাইত কাজলগাঁও, ১২ জুলাইত কোকৰাঝাৰ, ১৪ জুলাইত গোসাইগাওঁ আৰু ১৬ জুলাইত গুৱাহাটীত অডিশ্যন অনুষ্ঠিত হ’ব৷