নগাঁওঃ ব’হাগ পাৰ হৈ গ’ল৷ জেঠ মাহৰো এপষেক গ’ল৷ তথাপি কিন্তু ব’হাগক লৈ উৎসাহৰ আতিশয্য বৰ্তমানেও মাৰ যোৱা নাই নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত৷ উগ্ৰ আধুনিকতাৰ সোঁতত উটি-ভাহি ফুৰা একাংশ সংস্কৃতিপ্ৰেমীয়ে ব’হাগৰ আনন্দ যেন উপভোগ কৰি শেষেই কৰিব পৰা নায়৷ উল্লেখ্য যে, মুকলি পথাৰৰ প্ৰথম ব’হাগৰ মাকতাপূৰ্ণ ৰঙীন সপোন আজিৰ তাৰিখত বিচাৰি নাপালেও এই চাম সংস্কৃতিপ্ৰেমীৰ কৃপাতে জেঠ মাহৰ শেষলৈকে ব’হাগক উদ্দেশ্যি বিভিন্ন নামেৰে পতা ব’হাগী উৎসৱবোৰ আজি চুবুৰীয়ে চুবুৰীয়ে অৱস্থান কৰিছে৷
মুকলি পথাৰৰ পৰিৱৰ্তে নগাঁও জিলাৰ ভিন্ন ঠাইত সম্প্ৰতি শিক্ষানুষ্ঠান, নামঘৰৰ চৌহদ, ৰাজহুৱা প্ৰেক্ষাগৃহ আদিত উদযাপিত হ’ব ধৰিছে জেঠ মহীয়া ব’হাগী উৎসৱ৷ লক্ষণীয়ভাৱে কিন্তু আজিকালি বিহুমঞ্চবোৰত দেখা পোৱা নাযায় অসমীয়াৰ বাপতিসাহোন বিহুনৃত্যৰ পুৰণি ঐতিহ্য৷ বিহুনৃত্যৰ নামত আধুনিক ভেশভূষাৰে নাচনি বা ঢুলীয়াৰ উদ্দাম নৃত্যহে দেখা পোৱা যায়৷