কাৰ্বি আংলংঃ গ্ৰন্থ, কলা-সংস্কৃতিৰ মাজেৰে সুখানুভূতিৰ সন্ধান দিয়া তথা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত গ্ৰন্থ অধ্যয়নৰ অভ্যাস গঢ়ি তোলাৰ মানসেৰে বোকাজান নগৰৰ কলাক্ষেত্ৰ প্ৰাংগণত সামাজিক অনুষ্ঠান অনুশীলনৰ উদ্যোগত ১৭, ১৮, ১৯ আৰু ২০ জানুৱাৰীত চাৰিদিনীয়া কাৰ্যসূচীৰে গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছে ৷
গুৱাহাটীৰ সৰস্বতী ডি এন প্ৰকাশন, চিলড্ৰেন বুকচ, জি এচ পাবলিকেচন, শোণিত প্ৰকাশন আদিকে ধৰি বিভিন্ন গ্ৰন্থ বিপনী সমূহে অংশগ্ৰহণ কৰা এই গ্ৰন্থমেলাৰ পতাকা উত্তোলন, স্মৃতি তৰ্পণ, শোভাযাত্ৰা, নঙলা মুকলি আদি অনুষ্ঠান মুকলি কৰে ক্ৰমে বোকাজানৰ বিশিষ্ট সমাজ কৰ্মী দুলাল দত্ত, বোকাজান শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তিলেশ্বৰ হাজৰিকা, কাৰ্বি আংলং জিলা সাহিত্য সভাৰ সম্পাদক অতুল বৰুৱা আৰু কাৰ্বি আংলং জিলা সাহিত্য সভাৰ সভাপতি নৰেন্দ্ৰ নাথ হাজৰিকাই ৷