কাৰ্বি আংলংঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত বুধবাৰে বোকাজান মহকুমাৰ মহকুমাধিপতি কাৰ্যালয়ৰ সমীপত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ বোকাজান আঞ্চলিক সমিতিয়ে সমূহীয়া মুণ্ডন কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে উক্ত স্থানতে সদৌ অসম কৰ্মচাৰী পৰিষদৰ আহ্বানত বোকাজান জিলা কৰ্মচাৰী পৰিষদেও তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰে৷ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ বোকাজান আঞ্চলিক সমিতিয়ে বিধেয়কৰ বিৰুদ্ধে গ্ৰহণ কৰা সমূহীয়া মুণ্ডন কাৰ্যসূচীত উপস্থিত পৰিষদৰ অৰ্দ্ধ-শতাধিক সদস্যই হাতে হাতে বিভিন্ন দাবী সম্বলিত প্লে’কাৰ্ড, ফেষ্টুন আদি লৈ দেশ বুলিলে নালাগে আদেশ, বিজেপি চৰকাৰ হায় হায়, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা হুচিয়াৰ, বিজেপিৰ দালালগিৰী নচলিব, বিজেপিক খেদক অসম বচাওক আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷
কাৰ্যসূচীত উপস্থিত পৰিষদৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি জিতু ফুকনে কয় যে বিজেপি চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ জৰিয়তে যি অবৈধ হিন্দু বাংলাদেশী অসমত জাপি দিব বিচাৰিছে, সেয়া শৰীৰত শেষ বিন্দু তেজ থকালৈকে পৰিষদে তাৰ বিৰোধিতা কৰি যাব৷ লগতে নিজৰ অসমী আইক ধৰ্ষণ কৰি হত্যা কৰিব বিচৰা অসম চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দালাল আখ্যাৰে জাতিটোক নিঃশেষ কৰিব বিচৰা এনে অসমৰ বৃহত্তৰ স্বাৰ্থ পৰিপন্থী সিদ্ধান্ত তথা কাম-কাজৰপৰা বিৰত থাকিবলৈও চৰম সকীয়নি প্ৰদান কৰে সভাপতিগৰাকীয়ে৷