Home ৰাজ্যবোকাজানত বিজেপি কৰ্মকৰ্তাৰ সাংবাদিকক ভাবুকি

বোকাজানত বিজেপি কৰ্মকৰ্তাৰ সাংবাদিকক ভাবুকি

by News Desk
74 views
A+A-
Reset

www.newsnextone.com| কাৰ্বি আংলংঃ দেশত এতিয়া বিজেপিৰ দল আৰু চৰকাৰৰ বিৰুদ্ধে বাতৰি পৰিৱেশন কৰিলেই সন্মুখীন হ’ব লাগিব ভাবুকিৰ৷ হয়, বিজেপিৰ শাসনকালত বৰ্তমান দেশত সাংবাদিকৰ বিৰুদ্ধে ভাবুকি তথা নীতিশিক্ষাৰ পাঠদান চলিছে৷ বিজেপি দল আৰু চৰকাৰৰ বিৰুদ্ধে কোনো সংবাদদাতাই যদি বাতৰি পৰিবেশন কৰে তেন্তে গেৰুৱা দলটোৰ কৰ্মকৰ্তাৰ দ্বাৰা তেওঁ বিভিন্ন ভাবুকি আৰু নিৰাপত্তাহীনতাৰ সন্মুখীন হোৱাতো এতিয়া স্বাভাৱিক ঘটনাত পৰিণত হৈছে৷ তেনে এক ঘটনাই সংঘটিত হৈছে পাহাৰীয়া জিলা কাৰ্বি আংলংত৷ 

ঘটনাৰ বিৱৰণী অনুসৰি যোৱা ১১ ছেপ্তেম্বৰ ২০১৮ তাৰিখে অসমৰ এখন দৈনিক বাতৰি কাকত “পূৰ্বাঞ্চল প্ৰহৰী”ত বোকাজানৰ স্থানীয় সংবাদদাতা গণেশ পাছোৱানে শিক্ষাবিভাগৰ সদ্য অনুষ্ঠিত গুণোৎসৱত বিজেপি কৰ্মকৰ্তাৰ অংশগ্ৰহণকলৈ এটা বাতৰি পৰিবেশন কৰে আৰু সামাজিক মাধ্যম ফেচবুকত প্ৰকাশ কৰে৷ প্ৰকাশিত এই বাতৰিৰ গইনালৈ বাতৰি কাকতখনৰ স্থানীয় সংবাদদাতা গণেশ পাছোৱানক একাংশ লোকে নিজকে বিজেপিৰ দলীয় কৰ্মী বুলি উল্লেখ কৰি সামাজিক মাধ্যম ফেচবুক আৰু ফোনৰ যোগেদিও সংবাদদাতাজনক ভাবুকি মূলক তথা বিৰূপ মন্তব্য দি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0