বোকাজানঃ প্ৰতি বছৰে ১৭ জানুৱাৰী দিনটো ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি দিৱস হিচাপে উদযাপন কৰা হয়। সমগ্ৰ অসমৰ লগতে সংগতি ৰাখি পাহাৰীয়া জিলা কাৰ্বি আংলংৰ সাংবাদিক সন্থা বোকাজান প্ৰেছ ক্লাবৰ উদ্যোগতো বৰ্ণাধ্য কাৰ্যসূচীৰে শিল্পী দিৱস উদযাপন কৰা হয় ৷
বোকাজান ব্ল’ক বাকৰিত বুধবাৰে উদযাপন কৰা শিল্পী দিৱসৰ এদিনীয়া বিস্তৃত কায্যসূচীত পুৱা ১০.০০ বজাত বোকাজান প্ৰেছ ক্লাবৰ সভাপতি প্ৰকাশ গগৈয়ে পতাকা উত্তোলনৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা কাৰ্যসূচীত সমবেত সংগীত প্ৰদৰ্শন কৰে শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰ-ছাত্ৰীসকলে৷