newsnextone.com | বোকাজানঃ কাৰ্বি পাহাৰত সমন্বয়ৰ বাৰ্তা বিলাই ৩৪ সংখ্যক বোকাজান কেন্দ্ৰীয় বহাগী উৎসৱৰ সফল সামৰণি পৰে৷ বোকাজানৰ কেন্দ্ৰীয় বিহুতলী ব্লক বাতৰিত ১৩, ১৪ আৰু ১৫ মে’ত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা কাৰ্যসূচী অনুসৰি ১৩ মে’ৰ পুৱা ১০ বজাত উদযাপন সমিতিৰ সভাপতি মণ্টু নাথে বিহুৰ পতাকা উত্তোলনেৰে বহাগী উৎসৱৰ উদ্ধোধন কৰে৷
স্মৃতি তৰ্পণ কৰে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি মৃদুল বৰগোহাঁয়ে৷ দিনৰ ১২ বজাত চিত্ৰাংকন, কণী যুঁজ, পিঠা, টেকেলী ভঙা, জলপান, গামোচা আদি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয়৷ নিশা ৮ বজাত সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক বেদান্ত শইকীয়াই বোকাজান বহাগী উৎসৱৰ বাৰ্ষিক মুখপত্ৰ “ৰঙালী” উন্মোচন কৰাৰ লগতে সমসাময়িকভাবে প্ৰদৰ্শনীমূলক বিহু হুঁচৰি, সদৌ অসম ভিত্তিত বিহুপৰী প্ৰতিযোগিতা, সদৌ অসম ভিত্তিত গান্ধী ভৰালী সোঁৱৰণী বিহুৱতী প্ৰতিযোগিতা অনুষ্ঠিত হয়৷