Home ৰাজ্যবোকাজানত পুনৰ হাতী-মানুহৰ সংঘাত

বোকাজানত পুনৰ হাতী-মানুহৰ সংঘাত

by News Desk
57 views
A+A-
Reset

কাৰ্বি আংলংঃ পাহাৰীয়া জিলা কাৰ্বি আংলঙত আজিও অব্যাহত আছে বনৰীয়া হাতী-মানুহৰ সংঘাত৷ জিলাখনৰ বোকাজান মহকুমাৰ বিভিন্ন স্থানত সঘনাই পাহাৰৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাকে জনবসতিপূৰ্ণ অঞ্চলত প্ৰৱেশ কৰি তাণ্ডৱ সৃষ্টি কৰি আহিছে৷ বন্যহস্তীৰ জাকে যেনেদৰে মানুহৰ ঘৰ-দুৱাৰ ভাঙি, কৃষি পথাৰ বিনষ্ট কৰি সাধাৰণ ৰাইজৰ নিদ্ৰা হৰণ কৰি জীৱন আৰু সম্পত্তিৰ প্ৰতি ভাবুকি সৃষ্টি কৰি আহিছে ঠিক একেদৰে খাদ্য আৰু আশ্ৰয়ৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বন্যহস্তীক এচাম চোৰাংচিকাৰীয়ে বিভিন্ন উপায়েৰে হত্যা কৰা ঘটনাও সহজলভ্য হৈ পৰিছে৷ 

কিন্তু তাৰ পিছতো অসহায় বনবিভাগ কিম্বা প্ৰশাসন৷ হাতী-মানুহৰ সংঘাত ৰুধিব নোৱাৰি যেন তাণ্ডৱলীলা দেখিও নেদেখাৰ ভাও জুৰিবলৈ বাধ্য হৈছে প্ৰশাসন৷ তাৰ মাজতে দেওবাৰে মাজনিশা পুনৰ এক অঘটন সংঘটিত হয়৷ জিলাখনৰ বোকাজান মহকুমাৰ সৰুমান্থি এলেকাত বোকাজান বন সংমণ্ডলৰ অধীনস্থ তথা বোকাজান থানাৰ অন্তৰ্গত সৰুমান্থি এলেকাত আজি পুৱা এটা বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ হয়। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0