Home ৰাজ্যবোকাজানত ১০ লাখ ১৬ হাজাৰ ৩৫০ টকাৰ জালনোট উদ্ধাৰ

বোকাজানত ১০ লাখ ১৬ হাজাৰ ৩৫০ টকাৰ জালনোট উদ্ধাৰ

by News Desk
A+A-
Reset
jn1

প্ৰাণদ্বীপ চেতিয়া, কাৰ্বি আংলংঃ চুবুৰীয়া ৰাজ্য নগালেণ্ডৰ গাতে লাগি থকা বোকাজান নগৰত মঙলবাৰে সন্ধিয়া বুজন পৰিমাণৰ জালনোট উদ্ধাৰ কৰি বৃহৎ সফলতা লাভ কৰে বোকাজান আৰক্ষীয়ে৷

বিৱৰণী অনুসৰি বোকাজান মহকুমাৰ মহকুমা আৰক্ষী বিষয়া পদ্ম কুমাৰ পেগুৰ নেতৃত্বত তথা বোকাজান আৰক্ষী আৰু খটখটি আৰক্ষীৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ক্ৰমে ডিম্বেশ্বৰ ঠাকুৰীয়া আৰু হাওকাম ছাংছানৰ সহযোগত এক গোপন সূত্ৰ পম খেদি চলোৱা যুটীয়া অভিযানত অতি কৌশলগতভাৱে এনএল ০৭ আৰ ৯৪৯৬ নম্বৰৰ এখন স্কুটিৰ ডিকিত ৮ লাখ টকাৰ জাল নোট লৈ দুজন লোকে কোনো অজ্ঞাত গ্ৰাহকক বিক্ৰী কৰিবলৈ আহিছিল যদিও অসামৰিক পোছাকত থকা বোকাজান মহকুমাৰ মহকুমা আৰক্ষী বিষয়া পদ্ম কুমাৰ পেগুৱে নিজৰ গাড়ীৰ দুৱাৰ খুলি দুই স্কুটি আৰোহীক আঘাট কৰাত পৰি যায় আৰু লগে লগে জালনোট সৰবৰাহকাৰী দুই ব্যক্তিক আৰক্ষীয়ে কৰায়ক্ত কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0