বোকাজানঃ বোকাজান বিলাতী মাটি কাৰখানা কৰ্তৃপক্ষৰ ষড়যন্ত্ৰৰ বলি হোৱা বোকাজান কেন্দ্ৰীয় বিদ্যালয়ৰ উদ্ধাৰ অভিযানত নামি পৰিছে বোকাজানৰ বিধায়ক ডাঃ নোমল ম’মিন ৷ কেন্দ্ৰীয় বিদ্যালয়খন বোকাজান বিলাতী মাটি কাৰখানাই বন্ধ কৰিবলৈ লোৱা কৌশলক প্ৰত্যাহ্বান জনাই বিধায়ক ডাঃ নোমল ম’মিনে ৪ ডিচেম্বৰত বোকাজান নগৰস্থিত ৰাধা-কৃষ্ণ বিবাহ ভৱনত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত উপস্থিত হৈ কোনো কাৰণতে বিদ্যালয়খন বন্ধ কৰিবলৈ দিয়া নহব বুলি অঞ্চসবাসীক আশ্বাস প্ৰদান কৰি তৎপৰতাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক বিষয়টো অৱগত কৰে ৷
ইয়াৰ পাছতেই বিদ্যালয়খন বোকাজান বিলাতী মাটি কাৰখানাৰ অধীনৰ পৰা মুক্ত কৰি চিভিল পৰ্যায়লৈ নিয়াৰ সকলো ব্যৱস্থা গ্ৰহণ কৰা হব বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিধায়কগৰাকীক আশ্বাস প্ৰদান কৰে ৷ কিন্ত শেহতীয়াকৈ চিমেণ্ট উদ্যোগৰ শীৰ্ষ মহলে স্থায়ী শিক্ষকসকলক ৫ মাহে বেতনৰ পৰা বঞ্চিত হৈ থকাত বিদ্যালয়খনৰ পৰা বেতন বঞ্চিত শিক্ষক সকলক কম দিনৰ ভিতৰত বোকাজান কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা আতৰাই বিভিন্ন কেন্দ্ৰীয় বিদ্যালয়ত নিয়োগ কৰাৰ সিদ্ধান্ত পোহৰলৈ আহিছে ৷