কাৰ্বি আংলংঃ অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰপৰা চুৰি হোৱা গাড়ী সুলভ মূল্যত বিক্ৰী হয় চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ ডিমাপুৰত৷ আন্তঃৰাজ্যিক গাড়ী চুৰি চক্ৰই দেশৰ বিভিন্ন ঠাইৰপৰা গাড়ী চুৰি কৰি নি ডিমাপুৰত বিক্ৰী কৰি ৰমৰমীয়া ব্যৱসায় চলাই গৈছে৷ বৃহৎ গাড়ী চুৰি চক্ৰটোৱে ৰাজ্য তথা দেশৰ বিভিন্ন স্থানৰপৰা দুচকীয়া, চাৰিচকীয়া তথা ছয়চকীয়া বাহন সমূহ চুৰি কৰি পাহাৰীয়া জিলা কাৰ্বি আংলংৰ বোকাজান মহকুমাৰ মাজেৰে যোৱা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে আনি সীমামূৰীয়া ৰাজ্য নাগালেণ্ডৰ ডিমাপুৰত থকা চুৰি গাড়ী কিনা ঘাটিত সূলভ মূল্যত গাড়ীসমূহ বিক্ৰী কৰে৷
আজি অসম-নাগালেণ্ড সীমান্তৱৰ্তী খটখটিত আৰক্ষীয়ে অভিযান চলাই এখন চুৰি ট্ৰাক উদ্ধাৰ কৰা ঘটনাই বোকাজান মহকুমাৰ মাজেৰে পাৰ হৈ যোৱা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথটোক গাড়ী চুৰি চক্ৰটোৱে যে কৰিডৰ হিচাপে ব্যৱহাৰ কৰি আহিছে তাক পুনৰবাৰ প্ৰমাণ কৰিলে৷ অসম-নাগালেণ্ড সীমান্তৱৰ্তী বোকাজান মহকুমাৰ খটখটিত আজি খটখটি আৰক্ষীয়ে এক অভিযান চলাই তিনিচুকীয়াৰপৰা চুৰি হোৱা ডব্লিউ বি-১৯ জি-৭৪৬৫ নম্বৰৰ চাহপাত ভৰ্তি এখন ট্ৰাক উদ্ধাৰ কৰাৰ লগতে এই চুৰি কাণ্ডৰ লগত জড়িত ৮ গৰাকীকৈ ব্যক্তিকো খটখটি আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়৷