54
প্ৰাণদ্বীপ চেতিয়া, কাৰ্বি আংলংঃ কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ অন্তৰ্গত ডিলাইত দেওবাৰে সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড৷
ডিলাইৰ হাতুকা মেংকাৰা বস্তিৰ বাসিন্দা সুজাতা মিঞ্চক হত্যা কৰিলে তেওঁৰে স্বামী কামিল মিঞ্চে৷ ঘটনাৰ বিৱৰণী অনুসৰি, পুৱা ভাগতে দুয়ো ওলাই গৈছিল খেতি পথাৰলৈ আৰু বিয়লি প্ৰায় ৪ঃ৩০ বজাত পথাৰতে পত্নীক দাৰে ঘপিয়াই ঘপিয়াই হত্যা কৰে কামিল মিঞ্চে৷