newsnextone.com | বোকাজানঃ ডিজিটেল ইণ্ডিয়াত এতিয়া ডিজিটেল ব্যৱস্থা ফেইল মৰা পৰিলক্ষিত হৈছে। চৌদিশে এতিয়া পয়মালে পয়মাল। বৰ বৰ কথা আৰু কামৰ মাজত প্ৰাৰ্থক্য আছে সেয়া জনসাধৰণে লাহে লাহে বুজি উঠিছে। যোৱা সময়ছোৱাত বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰে দেশত কেচলেচ ব্যৱস্থা গঢ়ি তোলাৰ বাবে আৰু সকলোতে ডিজিটেল ব্যৱস্থা গঢ়ি তোলাৰ বাবে হেতা ওপৰা লগাইছিল। কিন্তু এতিয়া বৰ্তমানৰ চৰকাৰ খনে তেনে শ্ল’গান পাহৰি পেলালে।
উদ্যোগ নগৰী বোকাজানৰ মাজমজিয়াত অৱস্থিত ভাৰতীয় ষ্টেট বেংকৰ বোকাজান শাখাত প্ৰায় তিনি-চাৰি মাহৰ পৰা পৰ্যাপ্ত কৰ্মচাৰী নথকাৰ ফলত বোকাজানবাসী ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ বেংকটোৰ মুখ্য প্ৰবন্ধক গৰাকী স্বাস্থ্যজনিত কাৰণত অনুপস্থিত থকাৰ ফলত ক্ষেত্ৰ বিষয়াগৰাকীয়েই শাখাটোৰ কাম-কাজ চোৱা-চিতা কৰিছিল যদিও তেওঁৰ ক্ষমতাৰ বাহিৰৰ কামবোৰ পিছলৈ বুলি থৈ দিবলগীয়া হৈছিল ৷