Home ৰাজ্যবোকাজানত আৰক্ষী-সাংবাদিকৰ আলোচনা, কৰ’নাৰ বিৰুদ্ধে একেলগে যুঁজ দিয়াৰ সংকল্প

বোকাজানত আৰক্ষী-সাংবাদিকৰ আলোচনা, কৰ’নাৰ বিৰুদ্ধে একেলগে যুঁজ দিয়াৰ সংকল্প

by News Desk
A+A-
Reset
boka456

বোকাজানঃ বিশ্বব্যাপী ত্ৰাসৰ সৃষ্টি কৰা ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ভাৰত চৰকাৰে আহ্বান জনোৱা সমগ্ৰ দেশ লকডাউনৰ সময়ত ৰাজ্যৰ স্বাভাৱিক জনজীৱন স্তব্ধ হৈ পৰিছে। মাৰাত্মক ক’ভিড-১৯ ভাইৰাছৰ যাতে সংক্ৰমণ ঘটিব নোৱাৰে তাৰবাবে সমগ্ৰ ৰাজ্যৰ লগতে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ বোকাজান মহকুমাটো বোকাজান মহকুমা প্ৰশাসন, বোকাজান মহকুমা আৰক্ষী বিভাগ, বোকাজান স্বাস্থ্য বিভাগ, অগ্নিনিৰ্পাবক বাহিনী, বোকাজান পৌৰসভা, বোকাজান মহকুমা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিষয়া কৰ্মচাৰীসকল তৎপৰ হৈ পৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ সম্পূৰ্ণ নীতি-নিৰ্দেশনা পালনেৰে দিন-ৰাতি একাকাৰ কৰি এই ভাইৰাছৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ প্ৰস্তুতি তথা সতৰ্কতামূলক কাৰ্যসূচী গ্ৰহণ কৰি অহা পৰিলক্ষিত হৈছে।

কৰ’না যুঁজৰ এই স্পৰ্শকাতৰ আৰু জটিল সময়চোৱাত ৰাইজৰ বাবে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি এক গুৰুত্বপূৰ্ণ ভূমিকা পালন তথা সেৱা আগবঢ়াই অহা অসম আৰক্ষীৰ বিভিন্ন স্তৰৰ বিষয়া-কৰ্মচাৰী-জোৱানসকল কিন্তু সচাই প্ৰসংশাৰ পাত্ৰ। তৃতীয় পৰ্যায়ৰ লকডাউন তথা ক’ভিড-১৯ ৰ বিৰুদ্ধে চলি থকা যুদ্ধখনৰ এই ব্যস্ত সময়ৰ মাজতেই সোমবাৰে সন্ধিয়া বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ উদ্যোগত আৰক্ষী আৰু বোকাজানৰ সংবাদকৰ্মীসকলৰ মাজত খটখটি আৰক্ষী থানাত এক সৌজন্যমূলক আলোচনা অনুষ্ঠিত হয়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0