কাৰ্বি আংলংঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে শুকুৰবাৰে বোকাজান ব্লক কংগ্ৰেছ সমিতিৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, অমৃত শ্বাহ, সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰা হয়৷

বিজেপি নেতৃত্বাধীন দিল্লীৰ কেন্দ্ৰীয় চৰকাৰে নিজ গৃহতে অসমীয়া ভূমিপুত্ৰসকলক দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে পৰিগণিত কৰিবলৈ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ক আইনত পৰিণত কৰিব বিচাৰিছে৷ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপিৰ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা এনে অসমীয়া বিদ্বেষী সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যজুৰি সকলো দল-সংগঠন, সাহিত্যিক, বুদ্ধিজীৱী, সাংস্কৃতিক কৰ্মী, শিক্ষাবিদ, সাংবাদিক, পুৰুষ-মহিলা, বৃদ্ধ-বণিতা, ছাত্ৰ সমাজকে ধৰি সকলো শ্ৰেণীৰ নাগৰিকে স্বতঃস্ফুৰ্তভাৱে ৰাজপথলৈ ওলাই অহাৰ সময়তে আজি পুৱা ১০ বজাত বোকাজান নগৰত বোকাজান ব্লক কংগ্ৰেছ সমিটিৰ উদ্যোগত বিধেয়কখনৰ বিৰোধিতা কৰি কংগ্ৰছ দলৰ সদস্য সকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ 

ৰাজ্যৰ সৰ্বস্তৰত প্ৰতিবাদ হোৱা জাতিধ্বংসী বিধেয়কখন বাতিলৰ দাবীত প্ৰতিবাদকাৰী সকলে হাতে হাতে বিভিন্ন দাবী সম্বলিত প্লে'কাৰ্ড, ফেষ্টুন আদি লৈ বিজেপি চৰকাৰ হায় হায়, নৰেন্দ্ৰ মোডী হায় হায়, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা হুচিয়াৰ, বিজেপিৰ দালালগিৰী নচলিব আদি শ্ল'গানেৰে পৰিবেশ উত্তাল কৰি তোলাৰ লগতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী ৰাজনাথ সিং, বিজেপি দলৰ ৰাষ্ট্ৰীয় সভাপতি আমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাবস্ত্য কৰে৷