বোকাজানঃ বোকাজান বিলাতী মাটি কাৰখানা কৰ্তৃপক্ষই ষড়যন্ত্ৰ মুলকভাবে বোকাজান কেন্দ্ৰীয় বিদ্যালয় বন্ধ কৰিবলৈ লোৱা কাৰ্যৰ বিৰুদ্ধে কাৰ্বি আংলং জিলা হিন্দীভাষী সংস্থাই বুধবাৰে বোকাজান নগৰৰ পৰা এক প্ৰতিবাদী সমদল উলিয়াই বোকাজানৰ মহকুমাৰ মহকুমাধিপতিৰ জড়িয়তে দেশৰ প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে৷
কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী, মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ স্মাৰক পত্ৰৰ প্ৰতিলিপি প্ৰেৰণ কৰে৷ উল্লেখ্য যে, ১৯৮৬ চনতে স্থাপন হোৱা বোকাজান কেন্দ্ৰীয় বিদ্যালয়খন বন্ধ কৰাৰ কৌশলৰে ইতিমধ্যে কাৰখানাটোৰ কৰ্তৃপক্ষই বিদ্যালয়খনত কৰ্মৰত স্থায়ী শিক্ষকসকলক চাৰি মাহ আৰু ঠিকা ভিত্তিক শিক্ষকসকলক পাঁচ মাহ ধৰি প্ৰাপ্য বেতনৰ পৰা বঞ্চিত কৰি ৰাখিছে৷