বোকাজানঃ অসম-নগালেণ্ড আন্তঃৰাজ্যিক সীমান্তৱৰ্তী পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ খটখটি অঞ্চলত ইতিমধ্যে বিগত সময়ত আৰক্ষী, আবকাৰী তথা বি আই ই অৰ অভিযানত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হৈছিল।

আনহাতে কেইমাহমানৰ আগতো গুৱাহাটীৰপৰা অহা আবকাৰী বিভাগৰ এটা দলে খটখটিত বাহৰ পাতি অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাইছিল যদিও অবৈধ সুৰা অথবা সুৰাৰ চোৰাং ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম নহ’ল৷ কিন্তু কালি খটখটি আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত লাহৰিজান অঞ্চলত অভিযান চলাই অনুজ্ঞাপত্ৰবিহীন সুৰা প্ৰস্তুত কৰা এক অবৈধ কাৰখানা উৎখাত কৰিবলৈ সক্ষম হয়৷

উক্ত অবৈধ কাৰখানাটোত 'ৰাম’ প্ৰস্তুত কৰা আৰু বটলসমূহত বিলাতী সুৰাৰ ষ্টিকাৰ লগোৱাৰ উপৰি কাৰখানাটোত প্ৰস্তুত কৰা অবৈধ সুৰাসমূহ চুবুৰীয়া ৰাজ্য নগালেণ্ডলৈ প্ৰেৰণ কৰা হয় বুলি আৰক্ষী সূত্ৰত প্ৰকাশ৷ 

খটখটি আৰক্ষীয়ে এই অবৈধ সুৰাৰ কাৰখানাটো উৎখাত কৰাৰ লগতে এটা কোঠাত বৃহৎ সংখ্যক মেকডাৱেলছ নাম্বৰ ৱান ৰামৰ খালী বটলৰ উপৰি আন এটা কোঠাত ১৮৬ কাৰ্টুন বিয়েৰ আৰু মেকডাৱেলছ নাম্বাৰ ওৱান ৰামৰ ৫১ কাৰ্টুন সুৰা জব্দ কৰিবলৈ সক্ষম হয়। 

উল্লেখ্য যে, খটখটি আৰক্ষী থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া সৌকাম চাংচানৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৱে কাৰখানাটোত অবৈধভাৱে প্ৰস্তুত কৰা সুৰাৰ কাৰ্টুনসমূহ জব্দ কৰাৰ লগতে প্ৰেম জয়ছোৱাল নামৰ এজন লোককো আটক কৰে যদিও আন এজন চোৰাং ব্যৱসায়ী পলাই যাবলৈ সক্ষম হয়। খটখটি আৰক্ষীয়ে পৰৱৰ্তী সময়ত আবকাৰী বিভাগকক খবৰ দিয়াৰ লগতে জব্দ কৰা সুৰাৰ কাৰ্টুনসমূহ আৰু আটকাধীন প্ৰেম জয়ছোৱালক আবকাৰী বিভাগলৈ হস্তান্তৰ কৰে৷ 

উল্লেখ্য যে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সৌকাম চাংচানে ৫ নৱেম্বৰত খটখটি থানাৰ দ্বায়িত্ব গ্ৰহণ কৰিয়ে অঞ্চলটোত অবৈধ সুৰাৰ বিৰুদ্ধে গ্ৰহণ কৰা তেওঁৰ স্থিতিক অঞ্চলটোৰ সচেতন ৰাইজে শলাগ লোৱাৰ লগতে ভবিষ্যতেও অবৈধ সুৰা আৰু চোৰাং ব্যৱসায়ীৰ বিৰুদ্ধে নিজৰ অভিযান অটুত ৰাখিব বুলি আশা প্ৰকাশ কৰিছে৷