বোকাজানঃ অসম-নগালেণ্ড আন্তঃৰাজ্যিক সীমান্তৱৰ্তী পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ খটখটি অঞ্চলত ইতিমধ্যে বিগত সময়ত আৰক্ষী, আবকাৰী তথা বি আই ই অৰ অভিযানত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হৈছিল।
আনহাতে কেইমাহমানৰ আগতো গুৱাহাটীৰপৰা অহা আবকাৰী বিভাগৰ এটা দলে খটখটিত বাহৰ পাতি অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাইছিল যদিও অবৈধ সুৰা অথবা সুৰাৰ চোৰাং ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম নহ’ল৷ কিন্তু কালি খটখটি আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত লাহৰিজান অঞ্চলত অভিযান চলাই অনুজ্ঞাপত্ৰবিহীন সুৰা প্ৰস্তুত কৰা এক অবৈধ কাৰখানা উৎখাত কৰিবলৈ সক্ষম হয়৷