ডিজিটেল ডেস্কঃ শিশুক যৌন নিৰ্যাতন সন্দৰ্ভত শাস্তি বিহাৰ বাবে থকা পক্সো আইন সংশোধনৰ বাবে চৰকাৰে আধ্যাদেশ আনে যোৱা যোৱা ২১ এপ্ৰিলত৷ কাঠুৱা, উন্নাও কাণ্ডকে ধৰি কেইবাটাও ধৰ্ষণ কাণ্ডই দেশ কঁপাই থকাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে শক্তিশালী নতুন আইন ৰূপায়ন আৰু আইন সংশোধন কৰাৰ উদ্দেশ্যে যোৱা ২১ এপ্ৰিলত কেবিনেট বৈঠক অনুষ্ঠিত কৰি এই সিদ্ধান্ত লয় চৰকাৰে৷
তাৰ পিছতে বিভিন্ন পক্ষই চৰকাৰৰ এই সিদ্ধান্তক সমৰ্থন কৰে৷ ১২ বছৰৰ তলৰ কিশোৰীক ধৰ্ষণকাৰীক মৃত্যুদণ্ড দিয়াৰ সিদ্ধান্তক অভিনেত্ৰী অনুষ্কা শৰ্মাই সমৰ্থন কৰে৷ অনুষ্কাই চৰকাৰৰ সিদ্ধান্তক সমৰ্থন কৰে আৰু কয় কয় যে কোনো শিশুক বলাৎকাৰ কৰা কাৰ্যই মানুহৰ জৰিয়তে কৰা সকলোতকৈ ঘৃণনীয় কাৰ্য৷