newsnextone.com | ডিজিটেল ডেস্কঃ বলীউডৰ মোহময়ী অভিনেত্ৰী সকলৰ অন্যতম এগৰাকী অভিনেত্ৰী হৈছে মল্লিকা শ্বেৰাৱট৷ সুন্দৰ দেহ তথা সুদক্ষ অভিনেয়েৰে মল্লিকাই বলীউড ইণ্ডাষ্ট্ৰীত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে৷ 

২০০৪ চনৰ ‘মাৰ্ডাৰ’ ছবিত ইমৰান হাচমীৰ বিপৰীতে অভিনয় কৰি দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হোৱা মল্লিকা শ্বেৰাৱট অতুলনীয় দৈহিক সৌন্দৰ্যৰে দৰ্শকৰ মাজত যিমান জনপ্ৰিয় সিমানেই চৰ্চিত তেওঁৰ লেকামবিহীন কথাৰ বাবেও৷ বিভিন্ন সময়ত অভিনেত্ৰীগৰাকীয়ে হকে বিহকে মন্তব্য কৰি চৰ্চাৰ বিষয় হৈ আহিছে৷ 

শেহতীয়াকৈ বলীউডৰ কাষ্টিং কাউচক লৈ চলি থকা মত-বিতৰ্কত নিজৰ মন্তব্য প্ৰকাশ কৰি মল্লিকা শ্বেৰাৱট সংবাদ মাধ্যমত পুনৰ এবাৰ চৰ্চালৈ অহা পৰিলক্ষিত হৈছে৷

সংবাদ প্ৰতিষ্ঠান পিটিআইক সাক্ষাৎকাৰ প্ৰদান কৰি অভিনেত্ৰী মল্লিকা শ্বেৰাৱটে পুনৰ এবাৰ বলীউড তোলপাৰ লগায়৷ কাষ্টিং কাউচৰ বিষয়ে মন্তব্য কৰি তেওঁ কয়, ‘এখন চিনেমাৰ মূল অভিনেতাৰ সৈতে মই সহবাস কৰিবলৈ অমান্তি হোৱা বাবেই মই সেই চিনেমাখনৰ কাম হেৰুৱাইছিলোঁ৷ ছবিখনৰ হিৰ’ই মোক শ্বুটিঙৰ বাহিৰতো ওচৰত পাব বিচাৰিছিল৷ আৰু মই তেওঁৰ তেনে ইংগিত অস্বীকাৰ কৰাৰ বাবেই মই ছবিখন হেৰুৱাবলগীয়া হ’ল৷’ 

নিজৰ অভিনয় কেৰিয়াৰত সন্মুখীন হোৱা তিক্ত অভিজ্ঞতা সুঁৱৰি অভিনেত্ৰীগৰাকীয়ে কয়, ‘কেৱল এখন চিনেমাই নহয়৷ প্ৰযোজক, পৰিচালক, অভিনেতা বহুতেই ছবিত অভিনয়ৰ সুযোগ প্ৰদানৰ বিনিময়ত মোৰ পৰা সুবিধা আদায় কৰিব বিচাৰিছিল৷ আৰু মই তেওঁলোকক সহযোগ নকৰা বাবে বহুকেইখন ছবিত অভিনয়ৰ সুযোগ মই হেৰুৱাইছোঁ৷’

অভিনেত্ৰীগৰাকীয়ে নিজৰ সৈতে ঘটা ঘটনাৰ অৱতাৰণা কৰি পুৰুষ প্ৰধান সমাজখনত কেনেদৰে নাৰীৰ ওপৰত নিৰ্যাতন চলোৱা হয় আৰু কেনেদৰে একাংশ স্বাৰ্থলোভী লোকে নাৰীৰ দুৰ্বলতাৰ সুযোগ ল’ব বিচাৰে, সেই বিষয়ে মন্তব্য কৰে৷ এগৰাকী নাৰী কেনেধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়ে হয়, সেয়া প্ৰকাশ কৰি অভিনেত্ৰীগৰাকীয়ে দুখ প্ৰকাশ কৰে৷

মল্লিকা শ্বেৰাৱটে কয়, ‘একাংশ লোকে সদায় নাৰীক ভোগৰ সামগ্ৰী বুলিয়ে গণ্য কৰি আহিছে৷ আমাক চিনেমাত যি চৰিত্ৰ ৰূপায়ণ কৰিবলৈ দিয়া হয়, তাৰ পূৰ্বেই অফস্ক্ৰীণত আমি সেয়া কৰি দেখুৱাব লাগে৷ এয়া স্বাভাৱিক যদিও কিছুমান দৃশ্য আমি অফ স্ক্ৰীণ কৰিবলৈ গ’লে আমাৰ পৰা সুবিধা ল’ব বিচৰা হয়৷ আৰু আমাক নষ্ট চৰিত্ৰৰ বুলিও আখ্যা দিয়া হ’ব পাৰে৷’

ইফালে, ছবিৰ কাহিনী শুনোৱাৰ নামত ছবিৰ পৰিচালকে নিশা ৩ বজাতো অভিনেত্ৰীগৰাকীক নিজ আৱাসলৈ মাতি লৈ গৈছিল বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে মল্লিকা শ্বেৰাৱটে৷ পৰিচালেকে ৰাতি ৰাতি মাতি নি অশালীন আচৰণ কৰিছিল বুলিও অভিযোগ উত্থাপন কৰে অভিনেত্ৰীগৰাকীয়ে৷

তেওঁ কয়, ‘মই এই বিষয়ে আজিলৈকে কাকো কোৱা নাছিলো৷ কাৰণ কথাবোৰ মই প্ৰকাশ কৰিলে তেওঁলোকে মোৰ বিৰুদ্ধে অপবাদ প্ৰচাৰ কৰিব বুলি মই ভয় খাইছিলো৷ তেনে কৰা হ’লে মোৰ কেৰিয়াৰ ধ্বংস হ’লহেতেন৷ কিন্তু এতিয়া সকলোবোৰ কথা মুকলি কৰিবৰ সময় আহিছে৷ ইয়াৰ পৰা প্ৰতিগৰাকী নাৰীয়ে শিক্ষা লৈ নিজক সুৰক্ষিত কৰিব বুলি মই ভাৱো৷’