newsnextone.com | ডিজিটেল ডেস্কঃ বলীউডৰ মোহময়ী অভিনেত্ৰী সকলৰ অন্যতম এগৰাকী অভিনেত্ৰী হৈছে মল্লিকা শ্বেৰাৱট৷ সুন্দৰ দেহ তথা সুদক্ষ অভিনেয়েৰে মল্লিকাই বলীউড ইণ্ডাষ্ট্ৰীত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে৷
২০০৪ চনৰ ‘মাৰ্ডাৰ’ ছবিত ইমৰান হাচমীৰ বিপৰীতে অভিনয় কৰি দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হোৱা মল্লিকা শ্বেৰাৱট অতুলনীয় দৈহিক সৌন্দৰ্যৰে দৰ্শকৰ মাজত যিমান জনপ্ৰিয় সিমানেই চৰ্চিত তেওঁৰ লেকামবিহীন কথাৰ বাবেও৷ বিভিন্ন সময়ত অভিনেত্ৰীগৰাকীয়ে হকে বিহকে মন্তব্য কৰি চৰ্চাৰ বিষয় হৈ আহিছে৷