newsnextone.com | ওৰাংঃ পেট্ৰ’লিয়াম জাতীয় সামগ্ৰী আৰু ৰন্ধন গেছৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত আজি ভাৰতীয় জাতীয় কংগ্ৰেছে আহ্বান জনোৱা ভাৰত বন্ধৰ প্ৰভাব ওদালগুৰি জিলাৰ ওৰাং, মাজবাট, ৰৌতা আদি অঞ্চলত সৰ্ব্বাত্মক ৰূপত দেখা যায়৷ মাজবাট চহৰ, ওৰাং, ৰৌতাৰ সমূহ ব্যৱসায়িক প্ৰতিষ্ঠান সমূহৰ লগতে চৰকাৰী কাৰ্যালয় বেংক আদি বন্ধ হৈ থকা দেখা গৈছে৷ বাছ আস্থান সমূহতো জনশূন্য হৈ পৰিছে৷
আনহাতে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত যানবাহনৰ চলাচল বন্ধ হৈ পৰিছে ৰাতিপুৱাৰে পৰা৷ বন্ধৰ কালছোৱাত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংগঠিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়েও নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে৷