newsnextone.com | অভয়াপুৰীঃ ভাৰতীয় লোকক ডি-ভোটাৰৰ জাননী প্ৰেৰণ কৰাত ক্ষোভিত হৈ পৰিছে আমছু৷ শেহতীয়াভাবে হোজাইৰ এগৰাকী ৮ বছৰীয়া শিশুক ডি-ভোটাৰ সজাই জাননী প্ৰেৰণ কৰা কাৰ্যক তীব্ৰ বিৰোধিতা কৰি মঙলবাৰে সমগ্র ৰাজ্যৰ লগতে অভয়াপুৰীৰ উত্তৰ শালমাৰা মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত আমছুৰ উত্তৰ শালমাৰা জিলা সমিতিয়ে ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। 

এন আৰ চিৰ কাম চলি থকাৰ সময়তে ধৰ্মীয় আৰু ভাষিক সংখ্যালঘূ লোকক সীমান্ত আৰক্ষীয়ে ডি-ভোটাৰ সজোৱাৰ প্ৰতিবাদত আৰু বিদেশীৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকক ডি-ভোটাৰৰ জাননী প্ৰেৰণ কৰা বন্ধ কৰাৰ দাবীত মঙলবাৰে দিনৰ ১১ বজাৰ পৰা ১ বজালৈ ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে। 

প্ৰকৃত ভাৰতীয়ক ডি-ভোটাৰ সজাই হাৰাশাস্তিৰ কৰাৰ বিৰুদ্ধে ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি বিদেশী চিনাক্তকৰণ আৰু বহিস্কাৰৰ নামত ৰাজ্য চৰকাৰ তথা সীমান্ত আৰক্ষীয়ে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰে৷ কোনোধৰণৰ নথি-পত্ৰ পৰীক্ষা নকৰাকৈ আৰু নিৰ্দিষ্ট অঞ্চললৈ নোযোৱাকৈয়ে প্ৰকৃত ভাৰতীয় ডি-ভোটাৰৰ জাননী প্ৰেৰণ কৰি হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰে আমছুৱে৷ 

ৰাজ্যৰ গৃহবিভাগে জাননী প্ৰেৰণ কৰা কাৰ্যক সংগঠনটোৱে তীব্ৰ গৰিহনা দি উত্তৰ শালমাৰা মহকুমাধিপতিৰ জৰিয়তে ৰাজ্য চৰকাৰৰ গৃহমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা প্ৰায় শতাধিক প্ৰতিবাদীয়ে বিজেপি চৰকাৰ মুৰ্দাবাদ, সীমান্ত আৰক্ষী হুছিয়াৰ, প্ৰকৃত ভাৰতীয়ক হাৰাশাস্তি কৰা বন্ধ কৰক আদি শ্ল’গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে। অসম চৰকাৰে ভৱিষ্যতে যদি পুনৰ ভাৰতীয় লোকক সন্দেহজনক নাগৰিক হিচাপে জাননী প্ৰেৰণ কৰে তেন্তে আমছুৱে ইয়াৰ বিৰুদ্ধে তীব্র আন্দোলন গঢ়ি তুলিব বুলি সকীয়াই দিয়ে।