Home ৰাজ্যবঙাইগাঁৱত ৰে’লপথৰ সমীপত নিশা বিস্ফোৰণ

বঙাইগাঁৱত ৰে’লপথৰ সমীপত নিশা বিস্ফোৰণ

by News Desk
52 views
A+A-
Reset

বঙাইগাঁওঃ কেইবাটাও উগ্ৰপন্থী সংগঠনে স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান জনোৱাৰ সময়তে স্বাধীনতা দিৱসৰ পিছদিনা অৰ্থাৎ বুধবাৰে নিশা বঙাইগাঁৱত ৰে’লপথৰ সমীপত এক বোমা বিস্ফোৰণ সংঘটিত হয়৷ বঙাইগাঁও আৰু চাপৰাকাটা ৰে’ল ষ্টেচনৰ মাজত কুঁজিয়ানলাৰ সমীপত ৰে’লপথৰ পৰা প্ৰায় ২৫ মিটাৰ আঁতৰত সংঘটিত হয় এই বিস্ফোৰণ৷ 

নিশা প্ৰায় ১০.১২ বজাত উক্ত অঞ্চলত বিকট শব্দ আৰু পোহৰৰ সৃষ্টি হয়৷ লগে লগে ৰে’ল আৰক্ষী সষ্টম হৈ পৰে৷ খবৰ দিয়া হয় বঙাইগাঁও আৰক্ষীকো৷ উক্ত পথেৰে ৰে’লসেৱাও বন্ধ কৰি দিয়া হয়৷ ইয়াৰ কিছু সময় পিছতেই উক্ত স্থানত উপস্থিত হয় বঙাইগাঁৱৰ আৰক্ষী অধীক্ষক হৃদয়জিৎ বৰ্মন আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰাণজিৎ বৰাৰ নেতৃত্বত আৰক্ষীৰ এটা বৃহৎ আৰক্ষী বাহিনী৷ কিন্তু বহু সময়লৈকে আৰক্ষীয়ে বোমা বিস্ফোৰণৰ কোনো ধৰণৰ শুংসূত্ৰ উলিয়াবলৈ সমৰ্থ হোৱা নাছিল৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0