ডিজিটেল ডেস্কঃ বুধবাৰে ৰাজকীয় সন্মানেৰে বিশিষ্ট অভিনেত্ৰী শ্ৰীদেৱীৰ অন্তিম সৎকাৰ কৰা হয়। ৫৪ বছৰ বয়সত ডুবাইত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক আকোৱালি লোৱা বলিউডৰ ডিবা মোহময়ী অভিনেত্ৰী শ্ৰীদেৱীৰ মৃত্যুৰ পিছতেই একাংশ সংবাদ মাধ্যমত ৰৌজাল-বৌজাল কৰা পৰিলক্ষিত হৈছিল৷
যাৰ ফলত একাংশ সংবাদ মাধ্যমৰ বিৰুদ্ধে ছচিয়েল মিডিয়াত একাংশ লোকে প্ৰতিক্ৰিয়াও প্ৰকাশ কৰে৷ বলিউডৰ প্ৰথমগৰাকী চুপাৰষ্টাৰ আখ্যা পোৱা শ্ৰীদেৱীয়ে সকলোকে কন্দুৱাই চিৰ বিদায় লোৱাৰ পিছত প্ৰথমবাৰৰ বাবে টুইট কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে পৰিচালক-প্ৰযোজক স্বামী বনী কাপুৰে। টুইট কৰি বনীয়ে কয় ‘‘মোৰ এজন বন্ধু, সহধৰ্মীনি আৰু দুজনী গাভৰু ছোৱালীৰ মাকক হেৰুওৱাৰ বেদনা শব্দৰ মাজেৰে প্ৰকাশ কৰাটো অসম্ভৱ।
— Sonam Kapoor (@sonamakapoor) February 28, 2018
মই মোৰ বন্ধু, পৰিয়াল, সহযোগী, শুভাংকাক্ষী আৰু অগণন ফেনক ধন্যবাদ জনাও, যিসকলে এনে সময়ত মোৰ ওচৰত থিয় দিছে। মই ভাগ্যশালী যে মোৰ লগত অৰ্জুন আৰু অংশুলাৰ সমৰ্থন আছে।’’ ইমানে নহয় বনীয়ে আৰু কয়, মোৰ সৈতে মোৰ শক্তি জাহ্নৱী আৰু খুচিয়েও থিয় দিছে।
— Anil Kapoor (@AnilKapoor) February 28, 2018
দেশৰ বাবে তেওঁ এগৰাকী অভিনেত্ৰী কিন্তু মোৰ ভালপোৱা, মোৰ বন্ধু, মোৰ ছোৱালীৰ মাক, মোৰ সংগী আছিল। পত্নীকলৈ আন চৰ্চা নকৰি শোকত ম্ৰিয়মান পৰিয়ালটোক সন্মান প্ৰদৰ্শন কৰে যেন। একেটা টুইটতে ভগৱানে তেওঁৰ আত্মাক চিৰশান্তি প্ৰদান কৰক বুলি কৈ তেওৰ অবিহনে আমাৰ জীৱন আধৰুৱা বুলি কয় বনীয়ে।
— SRIDEVI BONEY KAPOOR (@SrideviBKapoor) February 28, 2018
আনহাতে বনী কাপুৰৰ ভাতৃ অনিল কাপুৰৰ জীয়ৰী সোণম কাপুৰেও এটি টুইট কৰি প্ৰথম বাৰৰ বাবে তেওঁলোকৰ পৰিয়াললৈ বিপদৰ মুহূৰ্ত অহা বুলি কয়৷
আনহাতে বনী কাপুৰৰ ভাতৃ অনিল কাপুৰ, জীয়ৰী সোণম কাপুৰ আদিও টুইট কৰি প্ৰথম বাৰৰ বাবে তেওঁলোকৰ পৰিয়াললৈ বিপদৰ মুহূৰ্ত অহা বুলি কয়৷