নগাঁওঃ পুথি হৈছে জ্ঞানৰ ভঁৰাল স্বৰূপ৷ মানুহৰ জ্ঞান আৰু বুদ্ধিৰ বিকাশৰ ক্ষেত্ৰত গ্ৰন্থৰ ভূমিকা অপৰিসীম। গল্প, প্ৰবন্ধ, ৰচনা, ইতিহাস, কৃষ্টি, সংস্কৃতি, সভ্যতাৰ ভৰাল স্বৰূপ একোখন গ্ৰন্থ৷ সাধু, জীৱনী, উপন্যাস, ভ্ৰমণ কাহিনী, ৰস ৰচনা, কবিতা, কুইজ, অনুবাদমূলক গ্ৰন্থ পঢ়াৰ বিপ্লৱ গঢ়ি তোলাৰ প্ৰয়াস কৰিছে নগাঁও জিলাৰ সংখ্যা লঘু এলেকা বৃহত্তৰ দগাঁও গ্রন্থমেলা আয়োজক সমিতিয়ে৷
অসমীয়া-ইংৰাজী সাহিত্যকে ধৰি বিশ্বৰ বিভিন্ন সাহিত্যৰ সোৱাদ দিয়ে জ্ঞানৰ ভাণ্ডাৰ পুথিয়ে৷ বুৰঞ্জী, মানৱ সভ্যতাৰ কথাও পুথিভঁৰালত থকা পুথি কেইখনে আপোনাক দিয়ে৷ গ্রন্থমেলাৰ জৰিয়তে গ্রন্থ অধ্যয়নৰ পৰিবেশ সৃষ্টি কৰাৰ মানসেৰে এক বৌদ্ধিক আন্দোলনৰ বাট প্রশস্ত কৰাৰ প্রয়াসেৰে নগাঁও জিলাৰ দগাঁৱত গ্রন্থমেলাৰ আয়োজন কৰা হয়৷