তুলসীবাৰী/ৰঙিয়াঃ ৰঙিয়াৰ বিশিষ্ট কবি তথা লেখক উদয় চন্দ্ৰ কলিতাৰ নৱতম সৃষ্টি ইংৰাজী ভাষাৰ কাব্যগ্ৰন্থ ‘The Effigy’ আজি আনুষ্ঠানিক ভাবে উন্মোচন কৰা হয়৷ বিয়লি ৰঙিয়া প্ৰেছ ক্লাবৰ সভাকক্ষত আয়োজিত উন্মোচনী সভাত কাব্য গ্ৰন্থখনৰ উন্মোচন কৰে বিশিষ্ট নিবন্ধকাৰ আনন্দ দেব গোস্বামীয়ে৷
ৰঙিয়া প্ৰেছ ক্লাবৰ সভাপতি অঞ্জন জ্যোতি পাটোৱাৰী আৰু উপ সভাপতি মুস্তাফা কামাল আহমেদে আঁত ধৰা অনুষ্ঠানত ৰঙিয়া আলোচনী সভাৰ সভাপতি পবিত্ৰ কলিতা, ৰঙিয়া প্ৰেছ ক্লাবৰ মুখ্য উপদেস্তা প্ৰকাশ ডেকা, কবি আৰণ্যম কাশ্যপ, শ্যামন্ত কলিতা প্ৰমুখ্যে কেইবাগৰাকী ব্যাক্তিয়ে ভাষণ ৰাখে৷