112
নগাঁওঃ নগাঁও জিলাৰ বেবেজীয়াৰ জামুগুৰিৰ নিবাসী কৃতী শিক্ষক তথা কবি, সুলেখক অনিল চন্দ্ৰ নাথৰ নৱ প্ৰকাশিত কাব্য সংকলন ‘সাঁকো-হৃদয়ৰ পৰা হৃদয়লৈ’ যোৱা পহিলা এপ্ৰিলত উন্মোচন কৰা হয়৷
গুৱাহাটীৰ লক্ষীৰাম বৰুৱা সদনত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ সভাত কাব্য সংকলনখন আনুষ্ঠানিকভাবে উন্মোচন কৰে বিশিষ্ট কবি তথা সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি আনিছুৰ জামানে৷