124
আজাৰাঃ পলাশবাৰীৰ ৰামপুৰ আঞ্চলিক মহাবিদ্যালয়ত এনএছএছ কোষৰ উদ্যোগত আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰাৰ লগতে এখন গ্ৰন্থ উন্মোচন কৰা হয়৷ মহাবিদ্যালয়ৰ অধ্যক্ষ ডo দিনমণি কলিতাই অনুবাদ কৰা উইলিয়াম শেক্সপিয়াৰৰ কিং লীয়েৰ বৃত্তান্ত আৰু বৃক্ষণ গ্ৰন্থখনি উন্মোচন কৰা হয়।
মহাবিদ্যালয়ৰ অধ্যক্ষ ডo দিনমণি কলিতাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত মিৰ্জাস্থিত দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ উপাধ্যক্ষ ডo ৰঞ্জন কলিতাই গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে।