ওদালগুৰিঃ মানৱ জাতিৰ মংগল তথা শুদ্ধ পথ দেখুৱাবলৈ বাবে জেৰুজালেমৰ মাতৃ মৰিয়ম কুমাৰী গৰ্ভত জন্ম হৈছিল যীশুৰ। ২৫ ডিচেম্বৰৰ দিনটোতে মানৱ জাতিৰ মংগল তথা শুদ্ধ পথ দেখুৱাবলৈ জন্ম হৈছিল যীশুৰ৷ ২৫ ডিচেম্বৰৰ দিনটোত খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ বৰদিন পালন কৰে। সমগ্ৰ বিশ্বৰ লগতে অসমতো বৰদিনৰ ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে।
মাজনিশাৰে পৰা কেৰলৰ ধ্বনি তথা যীশু বন্দনাৰে মুখৰিত হৈ পৰিছে ওদালগুৰিৰ গীৰ্জাসমূহ। জিলাখনৰ চহৰে-নগৰে, গাৱে-গাৱে প্ৰায় অৰ্ধ সহস্ৰাধিক সৰু-বৰ গীৰ্জাসমুহত পালন কৰা হৈছে পবিত্ৰ বৰদিন। ২৪ ডিচেম্বৰৰ নিশা বাৰ বজাৰ পৰাই খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে পালন কৰে তেওঁলোকৰ পবিত্ৰ উৎসৱ বৰদিন। বিশ্ব শান্তি তথা কল্যান, ভাতৃত্ববোধৰ বাণী বিলাবলৈ ধৰালৈ আহে ইশ্বৰ যীশু।