newsnextone.com | নগাঁওঃ নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি অনুসৰি বিজেপি দলৰ চৰকাৰ খনে ব্যস্ত থাকিব লাগিছিল জনসেৱাত৷ কিন্তু জনসেৱাৰ পৰিবৰ্তে এতিয়া জাত-পাত, ধৰ্ম, হিন্দু মুছলমানক লৈ ব্যস্ত হৈ পৰিছে৷ জনসেৱাৰ পৰিবৰ্তে এতিয়া তোষামোদৰ ৰাজনীতিত ব্যস্ত হৈ পৰিছে মন্ত্ৰী-বিধায়ক৷
কেতিয়াবা দলৰ নেতাৰ আদৰ্শ প্ৰতিষ্ঠা কৰাৰ বাবে ৰাজ্যত স্থাপন হ’বলগীয়া মহাবিদ্যালয়ৰ নাম নিজ দলৰ নেতাৰ নামত কৰা, কেতিয়াবা বংলাদেশৰ পৰা হিন্দু আনি অসমৰ মুছলমানৰ সৈতে ফেৰ মৰা নতুবা সমকক্ষ হোৱাৰ সপোন বাস্তৱায়িত কৰাৰ বাবেহে চিন্তা জাহিৰ কৰে চৰকাৰৰ মন্ত্ৰী-বিধায়কে৷