নলবাৰীঃ বৰক্ষেত্ৰী সমষ্টিৰ বৰভাগ মহাবিদ্যালয়ত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। স্থানীয় বিধায়ক নাৰায়ণ ডেকাৰ উদ্যোগ অনুষ্ঠিত হোৱা সভাত সভাপতিত্ব কৰে শিক্ষাবিদ ডঃ বীৰেন্দ্ৰ ডেকাই৷ বৰভাগ দুসুতিমুখত ২০০৬ চনতে আৰম্ভ কৰা বৰভাগ ড্ৰেইনেজ ডেভেলপমেণ্ট স্কীম, কয়েৰ উদ্যোগ, বৰলিয়া বিল সংৰক্ষণ, কালাগ সামূহিক স্বাস্থ্য কেন্দ্ৰক পূৰ্ণ ৰুপ দিয়া, কমাৰকুছি থানাক পূৰ্ণাংগ ৰূপ দিয়া বৰভাগ অঞ্চলটোৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ চৌহদৰ পকি বেৰ নিৰ্মাণ, ছাত্ৰ ছাত্ৰীৰ চাইকেল ষ্টেণ্ড নিৰ্মাণৰ দাবী জনাই কেইবাগৰাকী ব্যক্তিয়ে।
সভাত বৰভাগ মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ফণীধৰ ডেকাই মহাবিদ্যালয়ত বিজ্ঞান শাখাত মেজৰ পাঠ্যক্ৰম প্ৰৱৰ্তন কৰাৰ বাবে বিধায়ক জনক দাবী জনায়। শিক্ষাবিদ ৰজত চন্দ্ৰ কলিতাই বিভিন্ন সমস্যাৰ লগতে বৰভাগৰ তিনিখন ঐতিহ্য তীৰ্থভূমি জয়পাল দেৱালয়, দামোদৰ ধাম, ঠেথা গোঁসাইৰ থানক পৰ্যটন স্থলি হিচাপে গঢ় দিবলৈ দাবী জনায়।