Home ৰাজ্যবৰভাগ মহাবিদ্যালয়ৰ সোণালী জয়ন্তীক লৈ ভেঁকোভাওনা

বৰভাগ মহাবিদ্যালয়ৰ সোণালী জয়ন্তীক লৈ ভেঁকোভাওনা

by News Desk
A+A-
Reset
borvag

নলবাৰীঃ ভেঁকোভাওনাত পৰিণত হৈছে বৰভাগ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষ। অঞ্চলটোৰ বহুকেইগৰাকী দূৰদৰ্শী ব্যক্তিৰ ত্যাগ আৰু কষ্টৰ বিনিময়ত ১৯৬৪ চনত স্থাপিত হোৱা মহাবিদ্যালয়খনে বিগত ২০১৪ বৰ্ষত ৫০ বছৰত পদাৰ্পন কৰিছে। সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ প্ৰাৰম্ভিক কাৰ্যসূচী হিচাপে উক্ত বৰ্ষৰ ২০ অক্টোবৰত বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক ভূমিধৰ বৰ্মনক সভাপতি হিচাপে লৈ গঠন কৰা সোণালী জয়ন্তী বৰ্ষ উদযাপন সমিতিয়ে ৮ লক্ষাধিক ব্যয় সাপেক্ষে মহা ধুমধামেৰে শুভাৰম্ভণি অনুষ্ঠানো অনুষ্ঠিত কৰিছিল। কিন্তু তাৎপৰ্যপূৰ্ণভাৱে শুভাৰম্ভণি অনুষ্ঠানৰ প্ৰায় চাৰিটা বছৰ উকলি যোৱাৰ পিছতো আজিলৈকে সোণালী জয়ন্তী সমাৰোহৰ কোনো কাৰ্যসূচীয়েই অনুষ্ঠিত নহ’ল। অন্যতো বাদেই আজিলৈ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সমাৰোহখনিয়েই অনুষ্ঠিত কৰিবলৈ সক্ষম নহ’ল উদযাপন সমিতি। উদযাপন সমিতিৰ এনে কাৰ্যত ক্ষোভিত হৈ পৰিছে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকল। ইতিমধ্যে এই ক্ষেত্ৰত তেওঁলোক মহাবিদ্যালয় কৰ্তৃপক্ষ লগত যোগাযোগ কৰিও বিফল হোৱাৰ অভিযোগ উঠিছে। অঞ্চলটোৰ একমাত্ৰ উচ্চ শিক্ষা অনুষ্ঠানটোৰ সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ নামত উদযাপন সমিতিয়ে দেখুওৱা চৰম দায়িত্বহীনতাৰ বাবেই লজ্জিত হৈ পৰিছে মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকল। উদযাপন সমিতিৰ একাংশ বিষয়ববীয়াৰ অজ্ঞানতাৰ বাবেই আজিলৈ মহাবিদ্যালয়খনত সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ সামৰণি সমাৰোহ অনুষ্ঠিত নোহোৱা বুলি অভিযোগ কৰিছে শৈক্ষিক মহলে।

News Desk
Author: News Desk

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0