নগাঁওঃ বৃহত্তৰ অসমত নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক তথা অসমীয়া কলা-কৃষ্টি-সাহিত্য-সংস্কৃতিৰ জনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম আৰু আদি লীলাভূমি নগাঁও জিলাৰ বৰদোৱাৰ পবিত্ৰ বটদ্ৰৱা থানত পূৰ্ব পৰম্পৰা অটুট ৰাখি এইবেলিও বুধবাৰৰ পৰা পাঁচ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰীকৃষ্ণৰ দৌলযাত্ৰা মহোৎসৱ আড়ম্বৰপূৰ্ণভাবে উদযাপন কৰা হ’ব৷
ব্যাপক উৎসাহ-উদ্দীপনাৰ মাজেৰে বছৰ বছৰ ধৰি পালন কৰি অহা বৰদোৱাৰ ঐতিহ্যমণ্ডিত দৌলযাত্ৰা মহোৎসৱত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ দৰ্শনাৰ্থী তথা ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিৰে বিৰ দি বাট নোপোৱা পৰিস্থিতিৰ সৃষ্টি হয়৷ মহাপুৰুষজনাৰ মহান কৰ্মৰাজী আৰু আদৰ্শৰে অনুপ্ৰাণিত বৰদোৱাবাসীৰ লগতে ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলৰবোৰৰ লোকসকলৰ মাজত উৎসৱকলৈ ব্যস্ততাৰ অন্ত নোহোৱা হয়৷