নগাঁওঃ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৱৰ্তী বৰক’লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কালিৰে পৰা পাঁচদিনীয়াকৈ এটি বিহু কৰ্মশালা অনুষ্ঠিত হৈছে৷ বৰক’লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ন-পুৰণি সতীৰ্থৰ সাংস্কৃতিক মঞ্চ "প্ৰয়াস" উদ্যোগত আয়োজিত এই কৰ্মশালাটি এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে বিশিষ্ট কবি, তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক মনজিৎ সিঙে৷ উদ্বোধনী ভাষণত তেওঁ প্ৰয়াসৰ এনে পদক্ষেপক ভূয়ষী প্ৰশংসা কৰাৰ লগতে বিহুক বিশুদ্ধ ৰূপত জীয়াই ৰাখিবলৈ এনে ধৰণৰ কৰ্মশালাৰ আৱশ্যকতাৰ কথা উল্লেখ কৰে৷
ইয়াৰ পূৰ্বে বন্তি প্ৰজ্বলন কৰে বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ উপ সভাপতি কমলা ডেকাই৷ উদ্বোধনী অনুষ্ঠানত দক্ষিণপাট গাঁও পঞ্চায়তৰ সভাপতি যোগ প্ৰসাদ বৰদলৈ, বিদ্যালয়ৰ অধ্যক্ষ প্ৰতাপ সিং, বিষয় শিক্ষক ললিত চন্দ্ৰ নাথ, অৰুণ জ্যোতি বৰা, সমাজকৰ্মী দীপক সিং, মানিক বৰদলৈ, হৰবিন্দ সিং, কন্দৰ্প কুমাৰ লস্কৰকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকি চমু বক্তব্য প্ৰদান কৰে৷
প্ৰয়াসৰ মুখ্য সম্পাদক ভদ্ৰ কান্ত ডেকাই আঁত ধৰা অনুষ্ঠানত প্ৰশিক্ষক হিচাপে মৰিগাঁও জিলাৰ ধৰমতুলৰ শিল্পী সুদীপ্ত ডেকা, হৰেণ দাস, গৌৰৱ ডেকা, বিকাশ দাস, ৰঞ্জু দাসৰ লগতে স্থানীয় অঞ্চলৰ দুই শতাধিক যুৱক-যুৱতী, অভিভাৱক, প্ৰয়াসৰ কৰ্ম-কৰ্তা আৰু প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহন কৰে৷ অহা ১২ মে’লৈকে চলিবলগীয়া এই কৰ্মশালাৰ লগত সংগতি ৰাখি অহা ১১ মে’ত বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন প্ৰান্তত "বাটৰ বিহু" প্ৰদৰ্শন কৰাৰ লগতে সামৰণিৰ দিনা বহু কেইগৰাকী বিহু সম্পৰ্কত দক্ষতা থকা বিশিষ্ট ব্যক্তি আৰু শিল্পীৰ উপস্থিতিত বিয়লে এক বজাৰপৰা বিভিন্ন মনোগ্ৰাহী অনুষ্ঠানৰ লগতে মুকলি বিহু প্ৰদৰ্শন কৰা হ’ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে৷