বৰনদ্দীঃ নলবাৰী জিলাৰ গোৱালপাৰা গাঁও নিবাসী বিশিষ্ট সমাজ কৰ্মী, অৱসৰপ্ৰাপ্ত শিক্ষক ভূমিধৰ বৰ্মনৰ দেওবাৰে পুৱা ৮ বজাত নিজ বাসভৱনত পৰলোক প্ৰাপ্তি ঘটে।

মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮০ বছৰ। প্ৰয়াত বৰ্মন ষ্ট্ৰোকত আক্ৰান্ত হৈ হঠাতে পৰলোকলৈ গমন কৰাৰ বাতৰি অঞ্চলটোত বিয়পি পৰাৰ লগে লগে অসংখ্য গুণমগ্ধৰে ভৰি পৰে তেওঁৰ  বাসভৱন। 

উল্লেখযোগ্য যে, বেলশৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কেৰাণী চাকৰি জীৱন আৰম্ভ কৰি পৰৱৰ্ত্তী সময়ত শিক্ষানুষ্ঠানখনত শিক্ষক হিচাপে কাম কৰাৰ পাছত ২০০১ চনত শিক্ষকতাৰপৰা অৱসৰ গ্ৰহণ কৰি এক সামাজিক জীৱন আৰম্ভ কৰে।

এসময়ৰ সুদক্ষ ফুটবলাৰ, ভলীবলাৰ প্ৰয়াত বৰ্মন উত্তৰ গোৱালপাৰা এল পি স্কুলৰ প্ৰতিষ্ঠাপক, গোৱালপাৰা ছোৱালী হাইষ্কুলৰ পৰিচালনা সমিতিৰ দুবাৰকৈ সভাপতি, স্থানীয় তৰুণ সংঘকে ধৰি অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ স’তে জড়িত আছিল। মৃত্যুৰ সময়ত তেওঁ পত্নী, দুই পুত্ৰ, একমাত্ৰ জী-জোঁৱাই, নাতি-নাতিনীকে ধৰি অনেক গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায়। তেওঁৰ মৃত্যুত নলবাৰীত গভীৰ শোক ৰ ছাঁ পৰে।