61
বৰনদ্দীঃ নলবাৰী পৌৰসভা অধীনস্থ চহৰ এলেকাৰ ৰাইজে পেলনীয়া জাবৰ-জোঁথৰ তথা আৱৰ্জনা পেলোৱাৰ বাবে প্ৰয়োজন হোৱা পৰ্যাপ্ত পৰিমাণৰ ডাষ্টবিনৰ বহুদিনীয়া অভাৱ আছিল, সেই অভাৱ যোৱা দেওবাৰে নলবাৰী চহৰবাসী ৰাইজৰ পূৰণ হ’ল।
নলবাৰী চহৰৰ বাটা চ’কত নলবাৰী পৌৰসভাৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত ডাষ্টবিন সংস্থাপনৰ শুভাৰম্ভণি কৰে নলবাৰী বিধানসভা সমষ্টিৰ বিধায়ক অশোক শৰ্মা আৰু নলবাৰী জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱচৌধুৰীয়ে।