তিনিচুকীয়াঃ প্ৰৱঞ্চক প্ৰেমিকৰ উদ্ধাৰত নামিল জনপ্ৰিয় গায়িকা বৰ্ণালী কলিতা। বেংক একাউণ্টৰ পৰা ধন চুৰি গোচৰত গায়িকা বৰ্ণালীৰ প্ৰেমিক তথা তিনিচুকীয়াৰ বৰদলৈ নগৰৰ জয়ন্ত দাস ওৰফে ৰণি নামৰ যুৱকজনক আৰক্ষীয়ে সোধ-পোচৰ বাবে আটক কৰিছে ।

ৰূপাই মিলন নগৰৰ নিবাসী তথা  অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ কৰ্মচাৰী ভলক গগৈ নামৰ লোকজনৰ একাউন্টৰ পৰা দুই লাখ টকা সৰকাই তিনিচুকীয়া আৰক্ষীৰ জালত পৰিছে জয়ন্ত। ভলক গগৈৰ কন্যাৰ চিনাকি সূত্ৰে জয়ন্তই গগৈৰ পৰিয়ালৰ লগত এক মধুৰ সম্পৰ্ক গঢ়ি তোলে। ইয়াৰ সুযোগ লৈ গগৈৰ পৰিবাৰৰ মোনাৰ পৰা  এটিএম কাৰ্ড চুৰি কৰি একাউন্টৰ পৰা দুই লাখ টকা উলিয়াই নিয়াৰ অভিযোগ উঠিছে জয়ন্তৰ বিৰুদ্ধে।

নিজ একাউন্টৰ পৰা টকা অন্তৰ্ধান হোৱাত আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ভলক গগৈয়ে। এটিএমৰ চিচিটিভি ফুটেজৰ আধাৰত দেওবাৰে নিশা হোটেল এৰোমাৰ পৰা তিনিচুকীয়া আৰক্ষীয়ে আটক কৰে জয়ন্তক। ২০১৬ চনৰ ছেপ্তেম্বৰতে এই ঘটনা সংঘটিত হৈছিল।

উল্লেখ্য যে তিনিচুকীয়া আৰক্ষীৰ মষ্ট ৱাণ্টেড পূৰ্বৰ কেইবাটাও গোচৰত অভিযুক্ত জয়ন্তৰ বিৰুদ্ধে কেবাটাও গোচৰ ৰুজু হৈ আছে। ইফালে, দেওবাৰে নিশা তিনিচুকীয়াৰ ঐক্য সংঘই আয়োজন কৰা ব’হাগী মেলাত অনুষ্ঠান পৰিৱেশন কৰা বৰ্ণালী কলিতা আজি পুৱা তিনিচুকীয়া সদৰ আৰক্ষী থানাত উপস্থিত হয়।

সদৰ থানাত বৰ্ণালী কলিতাই দৃষ্টিকটু আচৰণ কৰাৰ লগতে ভলক গগৈৰ পৰিয়ালক 'তহঁতক চাই ল'ম' বুলি ভাবুকি প্ৰদান কৰে। প্ৰেমিকক সাক্ষাৎ কৰিবলৈ যোৱা শিল্পীগৰাকীৰ এনে আচৰণে ৰাইজক স্তম্ভিত কৰি তোলে।