তিনিচুকীয়াঃ প্ৰৱঞ্চক প্ৰেমিকৰ উদ্ধাৰত নামিল জনপ্ৰিয় গায়িকা বৰ্ণালী কলিতা। বেংক একাউণ্টৰ পৰা ধন চুৰি গোচৰত গায়িকা বৰ্ণালীৰ প্ৰেমিক তথা তিনিচুকীয়াৰ বৰদলৈ নগৰৰ জয়ন্ত দাস ওৰফে ৰণি নামৰ যুৱকজনক আৰক্ষীয়ে সোধ-পোচৰ বাবে আটক কৰিছে ।
ৰূপাই মিলন নগৰৰ নিবাসী তথা অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ কৰ্মচাৰী ভলক গগৈ নামৰ লোকজনৰ একাউন্টৰ পৰা দুই লাখ টকা সৰকাই তিনিচুকীয়া আৰক্ষীৰ জালত পৰিছে জয়ন্ত। ভলক গগৈৰ কন্যাৰ চিনাকি সূত্ৰে জয়ন্তই গগৈৰ পৰিয়ালৰ লগত এক মধুৰ সম্পৰ্ক গঢ়ি তোলে। ইয়াৰ সুযোগ লৈ গগৈৰ পৰিবাৰৰ মোনাৰ পৰা এটিএম কাৰ্ড চুৰি কৰি একাউন্টৰ পৰা দুই লাখ টকা উলিয়াই নিয়াৰ অভিযোগ উঠিছে জয়ন্তৰ বিৰুদ্ধে।