বৰনৰ্দ্দীঃ আছাম প্ৰেছ ক’ৰেছপণ্ডেন্ট ইউনিয়ন চমুকৈ ‘আপকু’ৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত এখনি বিশেষ সম্বৰ্দ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হৈছে।
নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ পুৰণি কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত শনিবাৰে পুৱা ১০ বজাত উক্ত অনুষ্ঠান অনুষ্ঠিত হ’ব। আপকুৰ নলবাৰী জিলা সমিতিৰ সভাপতি অৰূপ ৰঞ্জন বৰ্মন আৰু সম্পাদক ৰাতুল চন্দ্ৰ ডেকাই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতি যোগে জানিবলৈ দিয়া মতে, এইবেলি অসম চৰকাৰৰ জনসংযোগ বিভাগে নলবাৰী জিলাৰ ২৮ গৰাকী সাংবাদিকক চৰকাৰী স্বীকৃতিপ্ৰাপ্ত কাৰ্ড প্ৰদান কৰিছে।