দিগন্ত বৰ্মণ, বৰনৰ্দ্দীঃ নলবাৰী সমষ্টিৰ অন্তৰ্গত ধমধমা হাইস্কুলত থকা বন্যাৰ্ত আশ্ৰয় শিবিৰত থকা অঞ্চলটোৰ প্ৰায় ছশতাধিক বানপীড়িত ৰাইজক বৃহস্পতিবাৰে “অশোক শৰ্মা- ফ্ৰেণ্ডছ-ক্লাবৰ উদোগত দুপৰীয়া আহাৰ যোগান ধৰে৷
উল্লেখ্য যে, নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মা আৰু নলবাৰী জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকাৰ নেতৃত্বত বহন কৰা তথা অশোক শৰ্মা ফ্ৰেণ্ডছ-ক্লাবৰ অৰ্ধশতাধিক সদস্যই পুৱাৰ ভাগতেই ধমধমা হাইস্কুলৰ বানপীড়িত আশ্ৰয় শিবিৰত উপস্থিত হৈ বন্যাৰ্ত খা-খবৰ লয় আৰু তেওঁলোকে নিজেই খাদ্য প্ৰস্তুতি কৰি বালিতাৰা, চটাইবাৰী, ধমধমা আদি অঞ্চলৰ প্ৰায় ৬০০ শতাধিক বানপীড়িতক বিধায়ক অশোক শৰ্মাই নিজ হাতে দুপৰীয়াৰ এসাজ আহাৰ খোৱায়।