বৰনৰ্দ্দীঃ নলবাৰী জিলাৰ ঘগ্ৰাপাৰ অঞ্চলৰ কঞাকুছি গাঁও নিৱাসী তথা অসম আন্দোলনৰ এগৰাকী অগ্ৰণী কৰ্মী, সমাজসেৱক ৰতি মজুমদাৰৰ বৃহস্পতিবাৰে নিশা গুৱাহাটীৰ মেডিকেল কলেজত মৃত্যু হোৱা খবৰে বৃহত্তমৰ ঘগ্ৰাপাৰ অঞ্চলটোত শোকৰ ছাঁ পেলায়।
জানিব পৰা মতে বুধবাৰে হঠাৎ উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হোৱাত পৰিয়াললোকে নলবাৰী চিকিৎসালয়লৈ নিয়ে যদিও স্বাস্থ্যৰ অৱনতি ঘটাত গুৱাহাটীৰলৈ নিয়ে যদিও তাতে কালিয়ে মৃত্যু হয়। মৃত্যুৰ আগ মূহুৰ্তলৈ অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত থকাৰ উপৰি অসম আন্দোলনৰ সময়ত অঞ্চলটো সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল।