দিগন্ত বৰ্মণ, বৰনৰ্দ্দীঃ মাদক দ্ৰব্যৰ বিৰুদ্বে দেওবাৰে সৰব হৈ উঠিল পশ্চিম নলবাৰীৰ বিভিন্ন দল- সংগঠন। উল্লেখ্য যে আজি কিছু দিনৰপৰা পশ্চিম নলবাৰী অঞ্চলৰ চামতাকে ধৰি বিভিন্ন ঠাইত নিচাজাতীয় ড্ৰাগছ, বিলাতী সুৰা, চুলাই মদ, জুৱা আদিৰ অবাধ প্ৰচলনে অঞ্চলটোৰ সামাজিক পৰিৱেশ বিঘ্নিত কৰি তুলিছে।
ইয়াৰ প্ৰতিবাদত অসম ৰাজ্যিক গ্ৰামীন জীৱিকা অভিযান, পশ্চিম নলবাৰী উন্নয়ন খণ্ডৰ উদ্যোগত ২৪ নং দক্ষিণ মধ্য ধৰ্মপুৰ গাঁও পঞ্চায়ত, দক্ষিণ মধ্য ধৰ্মপুৰৰ গ্ৰাম্য সংগঠন তথা অন্যান্য সংগঠনৰ সহযোগত চামতাত দেওবাৰে এক মাদক দ্ৰব্য বিৰোধী অভিযান উলিওৱা হয়।