Home ৰাজ্যবেলশৰত কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন

বেলশৰত কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন

by News Desk
A+A-
Reset
download (2)

বৰনৰ্দ্দীঃ পশ্চিম নলবাৰী অঞ্চলৰ তাহানিৰে পৰা উদযাপন কৰি অহা বেলশৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখন অহা কালিৰে পৰা দুদিনীয়াকৈ উদযাপন কৰা হ’ব। বেলশৰ মিলন শিল্পী সংঘ, বেলশৰ কেন্দ্ৰীয় সমাজ কল্যাণ সমিতি আৰু বেলশৰ ক্ৰীড়া সংঘৰ উদ্যোগত ইতিহাস প্ৰসিদ্ধ বিল্বেশ্বৰ দেৱালয় ক্ষেত্ৰত দুদিনীয়াকৈ আয়োজন কৰা কেন্দ্ৰীয় ৰঙালী সন্মিলনখন উদযাপন কৰাৰ বাবে লক্ষী পাটোৱাৰীক সভাপতি, ৰবীন পাটোৱাৰী, অজিত বৰ্মণক উপ-সভাপতি, ৰাঘৱ ঠাকুৰীয়াক মূখ্য সম্পাদক, উৎপল পাটোৱাৰী, বিজয় ডেকাক সম্পাদক হিচাপে লৈ বিহু উদযাপন সমিতিখন গঠন কৰা হৈছে। 

কাৰ্যসূচী অনুসৰি ১১ মে’ৰ পুৱাৰ ভাগত বিহুৰ পতাকা উত্তোলন, মিলন শিল্পী সংঘ, সমাজ কল্যাণ সমিতি, ক্ৰীড়া সংঘ, গাঁও উন্নয়ন সমিতি, বেলশৰ সচেতন জ্যেষ্ঠ নাগৰিক সন্থা, বৃহত্তৰ আঞ্চলিক জ্যেষ্ঠ নাগৰিক সমাজৰ পতাকা উত্তোলন, শ্বহীদ তৰ্পন, বৃক্ষ ৰোপন, খেল-ধেমালি, চিত্ৰাংকন প্ৰতিযোগিতা, সন্ধিয়াৰ ভাগত অসমীয়া গীতৰ আধাৰত একক নৃত্য প্ৰতিযোগিতা আৰু নিশা আমন্ত্ৰনমৃলক বিহু হুচৰি দলৰ দ্বাৰা বিহু নৃত্য প্ৰদৰ্শন আৰু স্থানীয় শিল্পীৰ দ্বাৰা সংগীত পৰিবেশন হ’ব৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0