বৰনৰ্দ্দীঃ ইতিহাসপ্ৰসিদ্ধ বেলশৰৰ শ্ৰীশ্ৰী বিল্বেশ্বৰ দেৱালয়ক লৈ প্ৰবীন সাংবাদিক, সাহিত্যিক পেঞ্চনাৰ যাদব সেন ডেকাই সম্পাদনা কৰা 'শ্ৰীশ্ৰী বিল্বেশ্বৰ' নাামৰ গ্ৰন্থখন দেওবাৰে পুৱা বেলশৰত উন্মোচন কৰা হয়।

অৱসৰপ্ৰাপ্ত শিক্ষক তাৰিণী প্ৰসাদ বৰ্মনৰ পৌৰোহিত্যত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত 'শ্ৰীশ্ৰী বিল্বেশ্বৰ’ নামৰ গ্ৰন্থখন উন্মোচন কৰে অখিল ভাৰতীয় সাহিত্য পৰিষদৰ উপ-সভাপতি, শিক্ষাবিদ ভগৱান চন্দ্ৰ ডেকাই৷

গ্ৰন্থ উন্মোচন কৰি ডেকাই ভাষণত একোখন গ্ৰন্থই এগৰাকী ব্যক্তিক অমৰত্ব কৰি ৰাখে বুলি মন্তব্য কৰে। জীয়াই ৰাখে যুগৰপৰা যুগলৈ, শতিকালৈ। শ্ৰীশ্ৰী বিল্বেশ্বৰ দেৱালয়ৰ দলিল সদৃশ 'শ্ৰীশ্ৰী বিল্বেশ্বৰ’ নামৰ গ্ৰন্থখন পাঠক সমাজ উপকৃত হোৱাৰ লগতে গৱেষণা কৰিব ওলোৱা সকলৰ বাবেও সহায়ক বুলি আশা ব্যক্তি কৰে সাহিত্যিক ভগৱান চন্দ্ৰ ডেকাই৷

গ্ৰন্থ উন্মোচনী সভাত সাহিত্য অনুৰাগী প্ৰভাত হালৈ, মীনা বৰা, শিক্ষক বৈকুণ্ঠ বৰ্মন, শিক্ষক, সাংবাদিক গংগাধৰ বৰ্মন আদিকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিতি থাকে। শলাগৰ শৰাই আগবঢ়ায় সাহিত্যিক যাদৱসেন ডেকাই।