দিগন্ত বৰ্মণ, বৰনৰ্দ্দীঃ নলবাৰী জিলাৰ বগুৰিহাটী অঞ্চলৰ চিত্ৰ কলাৰ আগশাৰী শিক্ষানুষ্ঠান শংকৰদেৱ কলা নিকেতনৰ উদ্যোগত আৰু নলবাৰী জিলাৰ আগশাৰীৰ সাহিত্য-সাংস্কৃতিক অনুষ্ঠান “প্ৰজন্ম” সহযোগত ২৪ আৰু ২৫ জুলাইত দুদিনীয়াকৈ বগুৰিহাটীৰ শংকৰদেৱ শিশু নিকেতন প্ৰাগংনত গ্ৰীষ্মকালীন চাৰু-কাৰু কলাৰ কৰ্মশালা অনুষ্ঠিত হয়।
কৰ্মশালাখন উদ্বোধন কৰে চিত্ৰ শিল্পী পদ্মনাথ দেৱ শৰ্মাই। অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে বগুৰিহাটী শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য দীনেশ তালুকদাৰ।