বৰনৰ্দ্দীঃ ঐতিহ্যমণ্ডিত নলবাৰী মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগ, দ্যা গ্ৰীণ গ্লোৱ, নলবাৰীৰ লগতে ইক' ক্লাব, মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা বিদ্যাপীঠ, নলবাৰীৰ সহযোগত আন্তঃৰাষ্ট্ৰীয় আই ধৰিত্ৰী দিৱসৰ লগত সংগতি ৰাখি সোমবাৰে ‘আমাৰ প্ৰজাতিসমূহৰ সংৰক্ষণ’ শীৰ্ষক বিষয়বস্তুৰে মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা বিদ্যাপীঠ এক তৰুন (youth awareness program) সজাগতামূলক সভা অনুষ্ঠিত হয়।

প্ৰায় ৮০ গৰাকী ছাত্ৰীৰ উপস্থিত থকা সভাখনত বিষয় বস্তু "প্ৰজাতি সমূহৰ সংৰক্ষণ"ৰ সন্দৰ্ভত বক্তব্য প্ৰদান কৰি বিশিষ্ট প্ৰকৃতিপ্ৰেমী ৰাজেশ দত্ত বৰুৱাই কয় যে জৈৱ বৈচিত্ৰ্য অবিহনে এতিয়া পাৰিপাৰ্শ্বিকতা বিনষ্ট হ’ব ধৰিছে৷ যাৰ ফলত পৰিৱেশ তন্ত্ৰ বিনষ্ট হৈছে, যিটো গোলকীয় উষ্ণতা বৃদ্ধিৰ এটা কাৰণ। সেয়েহে আমি সকলো প্ৰজাতিৰে সংৰক্ষণ কৰিব লাগে।

ইয়াৰোপৰি বৰুৱাই কাৰ্বন পদচিহ্ন বা carbon footprintৰ ওপৰতো ৰাইজক সজাগ হ’বলৈ আহ্বান জনায়। সমল ব্যক্তি হিচাবে উপস্থিত থাকি প্ৰকৃতিপ্ৰেমী আছিয়া আহমেদে হেৰাই যোৱা বা বিলুপ্ত হ’বলৈ ধৰা প্ৰজাতিসমূহ যেনে শগুণ, মৌমাখি, বিভিন্ন ধৰণৰ চৰাইৰ সংৰক্ষণত গুৰুত্ব আৰোপ কৰি তেওঁ  এই সকলোবোৰ পৰিৱেশতন্ত্ৰৰ অবিচ্ছেদ্য অংগ বুলি প্ৰকাশ কৰে।

প্ৰকৃতিপ্ৰেমী বিশ্বজিৎ শৰ্মাই সমূহ শিক্ষাৰ্থীক পাৰিপাৰ্শ্বিকতা সংৰক্ষণৰ বাবে হাতে কামে লাগিবৰ বাবে আহ্বান জনায়। সভাৰ শেষত শিক্ষাবিদ চামনুৰ আলীয়ে এনে ধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে উদ্যোক্তাসকলৰ শলাগ লয়৷