দিগন্ত বৰ্মণ, বৰনৰ্দ্দীঃ নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কঞাকুছি গাঁৱৰ প্ৰয়াত শিক্ষক মহেন্দ্ৰ নাথ দাসৰ পত্নী ৰেখা দাস (৮০) দেওবাৰে ৰাতিপুৱা ন বজাত নিজবাসগৃহত বাধ্যৰ্কজনিত ৰোগত মৃত্যু হয়।

মৃত্যুৰ আগমুহুৰ্তলৈ অঞ্চলটোৰ বিভিন্ন অনুষ্ঠানৰ সৈতে জড়িত সমাজসেৱিকা ৰেখা দাসে শংকৰদেৱ সংঘ, কঞাকুছি কুৰুপাৰ প্ৰাথমিক শাখাৰ সদস্যা আছিল। তেওঁৰ মৃত্যুত কঞাকুছি কুৰুপাৰ প্ৰাথমিক শংকৰদেৱৰ সংঘ, ঘগ্ৰাপাৰ প্ৰেছ ক্লাব, ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থা, কঞাকুছি গাঁও উন্নয়ন সমিতি, বড়িগোগ বনভাগ মণ্ডল বিজেপি, ঘগ্ৰাপাৰ ব্লক কংগ্ৰেছৰ সমিতি, অসম গণ পৰিষদ ঘগ্ৰাপাৰ, বৰাজোল আঞ্চলিক সমিতি, ঘগ্ৰাপাৰ আঞ্চলিক চিপিআইএম সমিতি, হিন্দু জাগৰন মঞ্চ ঘগ্ৰাপাৰ আঞ্চলিক সমিতিকে ধৰি নলবাৰীৰ বিধায়ক অশোক শৰ্মা, প্ৰাক্তন বিধায়ক মদন কলিতা, নলবাৰী জিলা উন্নতি সভাৰ সম্পাদক ৰাতুল চন্দ্ৰ ডেকা, নলবাৰী যুৱ মৰ্চাৰ সভাপতি পংকজ ডেকা, অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সম্পাদক প্ৰদু‍ৎ কুমাৰ ভূঞা আদিয়ে গভীৰ শোক প্ৰকাশ কৰিছে। 

তেওঁ মৃত্যুৰ সময়ত 'অসমীয়া প্ৰতিদিন’ৰ ঘগ্ৰাপাৰৰ সাংবাদিক তপন দাস, দলুৱা হাইস্কুলৰ প্ৰধান শিক্ষক প্ৰদীপ দাসসহ পাঁচজন পুত্ৰ, দুগৰাকী জীয়ৰীসহ অনেক গুনমুগ্ধক ইহসংসাৰত এৰি যায়।