নলবাৰীত প্ৰশাসনৰ নিৰ্বাচন কেন্দ্ৰিক তৎপৰতা, ৫,০৮,৮২৯ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব প্ৰাৰ্থীৰ ভাগ্য

 | by NNO Correspondent  |  0
Printer-friendly version

বৰনৰ্দ্দীঃ আগন্তুক লোকসভা নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগে লগে নলবাৰী জিলাতো প্ৰশাসনৰ তৎপৰতা আৰম্ভ হৈছে। পোন প্ৰথম বাৰৰ বাবে জিলাখনত দুটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব। জিলাখনৰ ৫,০৮,৮২৯ গৰাকী ভোটদাতাই ভোটাধিকাৰ সাব্যস্ত কৰিব।

ইয়াৰে পুৰুষ ভোটাৰ ২ লাখ ৬৭ হাজাৰ ৩৫৫ জন আৰু ২ লাখ ৬১ হাজাৰ ৪৭৪ গৰাকী মহিলা ভোটাৰ। ইতিমধ্যে জিলাখনত কঠোৰভাৱে নিৰ্বাচনী বিধি বলবৎ কৰি ১৩ গৰাকী ৰিটাৰ্ণি বিষয়া  নিযুক্তি দিয়াৰ লগতে ১১ টা বিভিন্ন চেল মুকলি কৰা হৈছে।

এই সন্দৰ্ভত জিলা নিৰ্বাচনী বিষয়া তথা জিলা উপায়ুক্ত ভাৰত ভূষন দেৱ চৌধুৰীয়ে এক সংবাদমেল যোগে জানিবলৈ দিছে।