দিগন্ত বৰ্মণ, বৰনৰ্দ্দীঃ অসম শৈক্ষিক আৰু সাংস্কৃতিৰ সমিতিৰদ্বাৰা প্ৰতিস্থিত অসম একাডেমী নলবাৰীত মঙলবাৰে বিদ্যালয়খনৰ ২০১৯ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৰ্ত্তীৰ্ণ শিক্ষাৰ্থীসকলৰ বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়।
বিদ্যালয় সংগীতেৰে সভাৰ কাম আৰম্ভ কৰা হয়। বিদ্যালয়ৰ অধ্যক্ষ ৰমানাথ বৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি শিক্ষাবিদ অনুকূল শৰ্মা, তপন শৰ্মাৰ লগতে অবসৰপ্ৰাপ্ত তথা বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক গনেশ দত্ত।