দিগন্ত বৰ্মণ, বৰনৰ্দ্দীঃ মাছখোৱাৰ সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত মঙলবাৰে 'শুভাকাংক্ষী’ৰদ্বাৰা আয়োজিত "মৌময় শব্দৰ মালিতাৰে অন্তৰংগ আলাপ আৰু সম্বৰ্ধনা অনুষ্ঠান"ৰ যোগেৰে অসমৰ প্ৰায় কুৰিজনতকৈও অধিক ব্যক্তিক নিজস্ব পাৰদৰ্শিতাৰে উজলি উঠা বাবে সম্বৰ্ধনা জনোৱা হয়।
বিশিষ্ট লেখিকা নম্ৰতা শৰ্মাই স্মৃতি তৰ্পণ কৰা অনুষ্ঠানটোত আন্ত:ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী দীপক শৰ্মাই বাঁহী বাদন কৰে। অসমৰ কেইবাজনো বিশিষ্ট ব্যক্তিৰ উপস্থিতিত 'বিন্দু’ আলোচনীৰ সম্পাদক কমল কুমাৰে পৰিচালনা কৰা উক্ত অনুষ্ঠানত 'উত্তৰ পুৰুষৰ মঞ্চ’ৰ সদস্য লখিমী শইকীয়া বৰা, পুলকেশ ৰায় বৰুৱা আৰু স্পন্দন পলাশক সাহিত্য জগতলৈ আগবঢ়োৱা অৰিহণাৰ বাবে 'জনপ্ৰিয় লেখক' সন্মান আগবঢ়ায়।
অসম সাহিত্য সভাৰ সভাপতি ডঃ পৰমানন্দ ৰাজবংশীদেৱৰদ্বাৰা একোখনি মান-পত্ৰ, একোটা ফুলাম জাপি আৰু গামোচাৰে সম্বৰ্ধনা জনোৱা হয় তিনিওজনকে। লগতে মঞ্চৰ উপদেষ্টা দেৱৰাজ কলিতাকো উদ্যক্তাসকলে বিশেষভাৱে সম্বৰ্ধনা জনায়।
'আমাক হেজাৰ খন হাত লাগে, যাৰ মন এটাই' শীৰ্ষক আপ্তবাক্যৰে জনমানসত বহু কামৰ দৃষ্টান্ত ডাঙি ধৰা উত্তৰ পুৰুষৰ মঞ্চৰ সদস্যৰ এই সন্মান প্ৰাপ্তিত অনুষ্ঠানটোৰ সদস্যৰ মাজত আনন্দৰ জোৱাৰ উঠে।