দিগন্ত বৰ্মণ, বৰনদ্দীঃ নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ বাঘমাৰাস্থিত বনভাগ জাতীয় বিদ্যালয়ৰ ষষ্ঠ বাৰ্ষিক মুকলি সভা আৰু বঁটা বিতৰনী অনুষ্ঠানৰ দেওবাৰে সামৰণি পৰে।
যোৱা ৫ এপ্ৰিলৰপৰা বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা বনভাগ জাতীয় বিদ্যালয়ৰ আজি দুপৰীয়া অনুষ্ঠিত বঁটা বিতৰনী আৰু মুকলি সভাৰ সভাপতিত্ব কৰে বনভাগ জাতীয় বিদ্যালয় অধ্যক্ষ বিনোদ তালুকদাৰে।
সভাখনৰ আঁত কৰে বিদ্যালয়ৰ উপধ্যক্ষ হেলিম আহমেদে। সভাত নিৰ্দিষ্ট বক্তা হিচাবে অংশগ্ৰহণ কৰি নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ডঃ বিপিন কলিতাই কয় যে বৰ্তমান সময়ত ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠানৰ প্ৰতি একাংশ অভিভাৱকে ছাত্ৰ-ছাত্ৰীক নামভৰ্ত্তি কৰা বাবে ঢাপলি মেলি অসমীয়া ভাষা-সংস্কৃতিক বিপন্নয় কৰিব বিচৰিছে।
সাহিত্যকগৰাকীয়ে লগতে কয় যে নম্বৰকেন্দ্ৰিক শিক্ষাব্যৱস্থাই শিশুৰ দৈনন্দিন বিকাশত ক্ষতিসাধন কৰিছে।
সভাত নলবাৰী জিলা নবোদয় জাতীয় বিদ্যালয় অধ্যক্ষ তথা প্ৰাক্তন ছাত্রনেতা অমল ডেকাই ভাষণত কয় যে যিসকল ছাত্র-ছাত্ৰীয়ে ডাঙৰ মানুহ, ডাক্তৰ, প্ৰৱক্তা হ’ব বুলি ভাবে তেওঁলোকে ছাত্ৰাৱস্থাৰপৰাই সেই বিষয়তো পঢ়াকোঠালিৰপৰা সদায় দৃষ্টিনিক্ষেপ কৰিব লাগিব।
তেওঁ লগতে জাতীয় বিদ্যালয়ৰ ইতিহাস তথা বৰ্তমানৰ কাৰ্যপন্থা আৰু পাঠ্যপুথি আৰু শিক্ষকৰ দায়িত্ববোধৰ ওপৰতো বিতংকৈ বহলাই মন্তব্য আগবঢ়ায়। সভাত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি থানেশ্বৰ লহকৰেও ছাত্রছাত্ৰীৰ উদ্দেশ্য ভাষণ দিয়ে।
সভাৰ অন্তত বাৰ্ষিক অধিৱেশন উপলক্ষে বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বঁটা লাভ কৰা ছাএ-ছাত্ৰীসকলক বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানটিত বিদ্যালয়ৰখন ছাত্ৰী বৰষা পাঠক, প্ৰস্তুতি শইকীয়াই গীত পৰিৱেশন কৰি উপস্থিত ৰাইজ আল্পুত কৰে।