দিগন্ত বৰ্মণ, বৰনৰ্দ্দীঃ নলবাৰী জিলাত বিগত সপ্তাহটোত বানে ঢাহি মুহি নিয়াৰ পিছত চামতা, বৰনৰ্দ্দী, বনগাও, হাৰিভাঙা, নদলা, সাহপুৰ, বৰপিত, লখোপুৰ, পুৰ্ণি, বালিতাৰা, চটাইবাৰী, পূৱ-বনভাগ, ঘগ্ৰাপাৰ, দেহাৰকুছি, দতৰা আদি গাঁও পঞ্চায়তৰ বাট-পথ, কৃষকৰ শালিধানৰ কঠীয়া, পশুধন, পুখুৰী আদি বিনষ্ট হোৱা পৰিলক্ষিত হৈছে।
বিশেষকৈ বানত বালিতাৰা চটাইবাৰী গাঁওপঞ্চায়তৰ সৰহসংখ্যক বাট-পথ ভাঙি-ছিঙি যোৱা লগতে ঘগ্ৰাপাৰত গড়কাপ্তানী বিভাগৰ কেবাটাও গুৰুত্বপুৰ্ণ পথ বিধ্বস্ত হোৱা লগতে বাঘমাৰা অচুৎত কলিতা পথ, বিলপাৰ-দেহাৰকুছিৰ পথ, চিলিং চকৰ পৰা দামোদৰ দাম ঘগ্ৰাপাৰ সংযোগী পথ, চত্ৰা চকৰপৰা, বুবুৰী গোপন মন্দিৰৰপৰা নোনা মথাউৰিলৈ সংযোগ পথ, চিলিং চকৰ পৰা কঞাজেনী গাঁৱলৈ পথ আদি বাঢ়নী পানী বুৰ গৈ সম্প্ৰতি ভাঙি-ছিঙি জৰাজীৰ্ণ হৈ পৰিছে।